মৰাণ,13 এপ্ৰিল: সোমবাৰে নিজ লাহোৱালৰ সেউজী ধৰণীত অনুষ্ঠিত হয় ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ মধ্যকালীন অধিৱেশন ৷ সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলাৰ সভাপতি দিবাকৰ দত্তই অধিৱেশনত সভাপতিত্বত কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ এই অধিৱেশনতে প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক উৎপল বৰাক ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ তৰফৰ পৰা সাহসী সাংবাদিকতা বঁটা প্ৰদান কৰা হয় ৷ সাংবাদিকতা বঁটা গ্ৰহণ কৰি সাংবাদিক উৎপল বৰাই সাংবাদিকসকলে দীৰ্ঘদিনৰ পৰা সন্মুখীন হৈ অহা সমস্যাৰ বিষয়ে উল্লেখ কৰা লগতে এই সন্দৰ্ভত চৰকাৰে কোনো ধৰণে গুৰুত্ব নিদিয়া বুলি ক্ষোভ প্ৰকাশ কৰে ।
উৎপল বৰালৈ সাহসী সাংবাদিকতাৰ বঁটা - utpal bora news
ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ মধ্যকালীন অধিৱেশন সম্পন্ন ৷ অধিৱেশনত প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক উৎপল বৰাক ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ তৰফৰ পৰা সাহসী সাংবাদিকতা বঁটা প্ৰদান কৰা হয় ৷
![উৎপল বৰালৈ সাহসী সাংবাদিকতাৰ বঁটা সাংবাদিক উৎপল বৰালৈ সাহসী সাংবাদিকতা বঁটা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11388239-866-11388239-1618314846723.jpg)
সাংবাদিক উৎপল বৰালৈ সাহসী সাংবাদিকতা বঁটা
সাংবাদিক উৎপল বৰালৈ সাহসী সাংবাদিকতা বঁটা
উল্লেখ্য যে, জ্যেষ্ঠ সাংবাদিকজনে সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰক উপযুক্ত আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনায় । এই অধিৱেশনত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মুঠ ১৮ গৰাকী বিশিষ্ট ব্যক্তিলৈ বিশেষ সন্মান আগবঢ়োৱা হয় ।
লগতে পঢ়ক:ৰঙালী বিহুৰ শুভেচ্ছা জনালে কণ্ঠশিল্পী কুসুম কৈলাশে