মৰাণ, 17 জুলাই :ডিব্ৰুগড় জিলাৰ বৰহাটৰ যুৱ সাংবাদিক গোবিন দাস যোৱা ১৪ জুলাইত এক মটৰচাইকেল দুৰ্ঘটনাত মৃত্যু হোৱাত ৰাজ্যজুৰি শোকৰ ছাঁ পৰে ৷ সাংবাদিকগৰাকীৰ স্মৃতিত শনিবাৰে সাপেখাতী চাৰিআলিত সহ সাংবাদিক সকলৰ উদ্যোগত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আয়োজন কৰা হয় ৷ সাপেখাতী চাৰিআলিত সমাজকৰ্মী উত্তম দেয়ে বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ ৷
এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সাপেখাতী প্ৰেছ ক্লাৱৰ সভাপতি কেশৱ গগৈ, আপকুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মুকুল বৰা, চৰাইদেউ জিলা সমিতিৰ সভাপতি সুনন্দ গগৈ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সহ সচিব কৃষ্ণ গগৈ, চৰাইদেউ জিলা সমিতিৰ সভাপতি মনোজ বড়া, আটছাৰ জিলা সমিতিৰ নবীন কুৰ্মী আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷ উল্লেখ যে, সাংবাদিকগৰাকীৰ মৃত্যু ৰহস্যজনক বুলি দাবী কৰি পৰিয়ালৰ লোকে ইতিমধ্যে চৰাইপুং আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব সাংবাদিক জনে আচলতে কেনেকৈ মৃত্যুক আঁকোৱালি ল'লে ।