মৰাণ, 1 মে’:দেওবাৰে সোণাৰিত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sharma) ৷ সোণাৰিত উপস্থিত হৈ নিৰ্মীয়মান চৰাইদেউ জিলা চিকিৎসালয়ৰ (Charaideo Medical College) কামকাজৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে নিৰ্মীয়মান চৰাইদেউ জিলা চিকিৎসালয়ৰ কাম-কাজ সমূহ সুচাৰুৰূপে চলিছে নে নাই তাৰো আভাস লয় মুখ্যমন্ত্ৰীগৰাকীয়ে (CM Visited District Hospital of Charaideo) ৷
দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ আৰু চৰাইদেউ জিলা ভ্ৰমণৰ বাবে অহা মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আগন্তুক 2024 চনৰ ভিতৰত এই চৰাইদেউ জিলা চিকিৎসালয়খন সম্পূৰ্ণ হৈ উঠিব ৷ মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণত উপস্থিত থাকে ৰাজ্যৰ ৰাজহ মন্ত্ৰী যোগেন মহন, শক্তিমন্ত্ৰী বিমল বড়া, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ৷