মৰাণ, 4 ডিচেম্বৰ :অসম আৰক্ষীক অধিক সক্ৰিয়, জনমুখী কৰাৰ উদ্দেশ্যে দুলীয়াজানত অনুষ্ঠিত হৈছে আৰক্ষী অধীক্ষকৰ দ্বিতীয়খন সন্মিলন (SP's conference in Dibrugarh)। অসম আৰক্ষীত সংস্কাৰ সাধনৰ লক্ষ্যৰে তৈল নগৰী দুলীয়াজানত সন্মিলনৰ দ্বিতীয় দিনা আৰক্ষী অধীক্ষক সকলৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta takes part in SP's conference)। সোমবাৰে পুৱতি নিশা ৪.৩০ বজালৈকে চলিছিল প্ৰথম দিনাৰ বৈঠক ।
আৰক্ষী অধীক্ষকৰ সন্মিলনৰ প্ৰথম দিনা ব্যক্তিগত নিৰাপত্তাৰক্ষী ৰখা প্ৰক্ৰিয়াৰ পৰা ওলাই আহি আৰক্ষী বিভাগত পৰ্যাপ্ত মানৱ সম্পদ নিয়োগ কৰি প্ৰকৃতাৰ্থত বিভাগটোক শক্তিশালী কৰাৰ সংকল্প ল'বলৈ সকলো আৰক্ষী বিষয়াক আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma on PSO) ৷ লগতে ব্যক্তিগত নিৰাপত্তাৰক্ষী ৰখা সংস্কৃতিৰ পৰা ওলাই আহি সক্ৰিয় নিৰীক্ষণ প্ৰক্ৰিয়াৰ যোগেদি সমাজলৈ অহা সকলো ভাবুকি আৰক্ষীয়ে ৰাইজৰ সহযোগিতাৰে প্ৰতিহত কৰিব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সদৰী কৰে যে, ‘‘ৰাজ্যখনত আইন-শৃংখলা উন্নীতকৰণেৰে অহা ২-৩ বছৰত আমি এনে এক পৰিৱেশ সৃষ্টি কৰিব লাগিব য'ত আদৰ্শগতভাৱে অসমত কোনো ব্যক্তিৰ বাবে ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন নহয়’’ ৷