অসম

assam

ETV Bharat / city

মৰাণত ৰাজহ চক্ৰ বিষয়া আৰু চাহ বাগিচাৰ কৰ্তৃপক্ষৰ বৈঠক - টেঙাখাট আৰু মৰাণ ৰাজহ চক্ৰ

চক্ৰ বিষয়া সকলে বাগিচাৰ কৰ্তৃপক্ষক বাগিচা সমূহত কৰ্মচাৰী সকলে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব পালন কৰা , বাগিচাৰ এলেকা সমূহ ছেনিটাইজ কৰাৰ লগত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে জাৰি কৰা ক'ভিড-১৯ নীতি-নিয়ম সমূহ কঠোৰভাৱে পালন কৰি যাবলৈ নিৰ্দেশ প্রদান কৰে ।

মৰাণত ৰাজহ চক্ৰ বিষয়া আৰু চাহ বাগিচাৰ কৰ্তৃপক্ষৰ ক’ভিড পৰিস্থিতিক লৈ বৈঠক
মৰাণত ৰাজহ চক্ৰ বিষয়া আৰু চাহ বাগিচাৰ কৰ্তৃপক্ষৰ ক’ভিড পৰিস্থিতিক লৈ বৈঠক

By

Published : May 8, 2021, 8:21 PM IST

মৰাণ,8 মে’ :বৰ্তমান পৰিস্থিতিত ক'ভিড- ১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আৰু ইয়াৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ডিব্ৰুগড় জিলা উপায়ুক্তৰ নিৰ্দেশ অনুসৰি শনিবাৰে টেঙাখাত আৰু মৰাণ ৰাজহ চক্ৰ বিষয়াৰ উদ্যোগত নিৰ্দিষ্ট ৰাজহ চক্ৰৰ দুটাৰ অন্তৰ্গত চাহ বাগিচা সমূহৰ কৰ্তৃপক্ষৰ লগত বৈঠক অনুষ্ঠিত হয় ।

মৰাণত ৰাজহ চক্ৰ বিষয়া আৰু চাহ বাগিচাৰ কৰ্তৃপক্ষৰ ক’ভিড পৰিস্থিতিক লৈ বৈঠক

বৈঠকত চক্ৰ বিষয়া সকলক বাগিচাৰ কৰ্তৃপক্ষক বাগিচা সমূহত কৰ্মচাৰী সকলে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব পালন কৰা, বাগিচাৰ এলেকা সমূহ ছেনিটাইজ কৰাৰ লগত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে জাৰি কৰা ক'ভিড-১৯ প্রট'কল সমূহ কঠোৰ ভাবে পালন কৰি যাবলৈ নিৰ্দেশ প্রদান কৰে । ইয়াৰ উপৰিও বাগিচাৰ কৰ্মচাৰী সকলক স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰদান কৰি থকা ক'ভিড-১৯ ৰ ভেকচিন যাতে প্রদান কৰা হয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে তেওঁলোকৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ কয় জিলা প্ৰশাসনে ।

লগতে পঢ়কঃ দেওবাৰে ঘোষণা হ’ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম

ABOUT THE AUTHOR

...view details