অসম

assam

ETV Bharat / city

শীতৰ সেমেকা পৰিবেশৰ মাজেৰে মৰাণতো বৰদিন উদযাপনৰ প্ৰস্তুতি

পবিত্ৰ বৰদিন উপলক্ষে মৰাণত দেখা গৈছে ব্যাপক প্ৰস্তুতি ৷ মৰাণ চহৰৰ মাজমজিয়াৰ গীৰ্জা ঘৰত এতিয়া দেখা গৈছে বৰদিনক আদৰাৰ প্ৰস্তুতি ।

শীতৰ সেমেকা পৰিবেশৰ মাজেৰে মৰাণতো বৰদিন উদযাপনৰ প্ৰস্তুতি
শীতৰ সেমেকা পৰিবেশৰ মাজেৰে মৰাণতো বৰদিন উদযাপনৰ প্ৰস্তুতি

By

Published : Dec 24, 2020, 9:46 PM IST

মৰাণ, 24 ডিচেম্বৰ : কাইলৈ বিশ্বজুৰি পবিত্ৰ বৰদিন পালন কৰা হ'ব । এই প্রাক ক্ষণত সজাই তোলা হৈছে গীৰ্জা ঘৰ সমূহ । চূণ তেল সানি জিলিকাই তোলা হৈছে গীৰ্জা গৃহ চৌহদ । বিগত বৰ্ষত দেশত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে দেখা হোৱা নাছিল বৰদিন উদযাপনৰ বিশেষ পৰিৱেশ আৰু এনেকৈ এটা বছৰৰ পাছত এই দিনটোৰ বাবে অধীৰে বাট চাইছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ।

শীতৰ সেমেকা পৰিবেশৰ মাজেৰে মৰাণতো বৰদিন উদযাপনৰ প্ৰস্তুতি

সমগ্ৰ বিশ্ববাসীৰ লগতে শীতৰ সেমেকা পৰিবেশ মাজেৰে মৰাণতো বৰদিন উদযাপনৰ প্ৰস্তুতি চলিছে । মৰাণ চহৰৰ মাজমজিয়াৰ গীৰ্জা ঘৰত এতিয়া দেখা গৈছে বৰদিনক আদৰাৰ প্ৰস্তুতি । চৌপাশে ফুল, ৰঙীন লাইট লগাই সজাই তোলা হৈছে ইয়াৰ পৰিৱেশ ।

লগতে পঢ়ক :ক'ভিড-১৯ ছেৰ'লজিকেল চাৰ্ভেৰ বাবে ডিব্ৰুগড়ত তেজৰ নমুনা সংগ্ৰহ

ABOUT THE AUTHOR

...view details