মৰাণ, 19 ডিচেম্বৰ :' যান-বাহন আইন' অমান্য কৰি একাংশ চালকে দ্ৰুতবেগত চলোৱাৰ লগতে মদ্যপান কৰাৰ বাবেই দৈনিক সংঘটিত হৈছে বহু পথ দুৰ্ঘটনা (Road accident for drink and drive) ৷ ফলত বহু লোকৰ অকাল মৃত্যুমুখত পৰিবলগীয়া হয় ৷ এই পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ কঠোৰ হৈ পৰিছে চৰকাৰৰ পৰিবহন বিভাগ(Transport department of Assam Government) ৷ হাতত লৈছে কঠোৰ নীতি-নিয়ম ৷ ইতিমধ্যে সমগ্ৰ ৰাজ্যতেই যান বাহন আইন মনাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে ৷
ঠিক একেদৰে চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰ পাছতেই ডিব্ৰুগড়ৰ সোণাৰিতো কঠোৰ হৈ পৰিছে চৰাইদেউ জিলাৰ আৰক্ষী প্ৰশাসন( Charaideo police strict against law breakers) ৷ জিলাখনৰ উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে গাড়ী চলোৱাৰ সময়ত যান-বাহন আইন মানি চলাৰ বাবে চালক সকলক আহ্বান জনাইছে । দুচকীয়া বাহন চলোৱাৰ সময়তো দুয়োগৰাকী আৰোহীয়ে হেলমেট পৰিধান কৰা আৰু চাৰি চকীয়া বাহন চলোৱাৰ সময়ত চিট বেল্ট পৰিধান কৰি বাহন চলাবলৈ আহ্বান জনাইছে উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে ।