অসম

assam

ETV Bharat / city

বিদ্যুৎ চুৰি কাৰ্যত জড়িত সকলক কঠোৰ সকিয়নী শক্তিমন্ত্ৰী বিমল বৰাৰ - উপায়ুক্ত

ক'ভিড-19 আৰু চৰাইদেউ জিলাৰ (Saraideu District) সামগ্ৰীক উন্নয়নৰ সন্দৰ্ভত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকলৰ উপস্থিতিত মঙলবাৰে এক পৰ্যালোচনা সভা (meeting)ত অংশ গ্ৰহণ কৰে শক্তি মন্ত্ৰী (Power Minister) বিমল বৰাই ৷ চোৰাং ভাৱে বিদ্যুৎ সংযোগৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে বিদ্যুৎ চুৰি কাৰ্যত যিসকল লোক জড়িত আছে, সেই সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকিয়নী প্ৰদান কৰে মন্ত্ৰী বিমল বৰাই ৷

Charaideo district  visited by Power Minister Bimal Borah
চৰাইদেউত গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত শক্তি মন্ত্ৰী বিমল বৰা

By

Published : Jun 22, 2021, 3:42 PM IST

মৰাণ,22 জুন: চৰাইদেউ জিলাৰ সামগ্ৰীক উন্নয়নৰ বুজ লোৱাৰ উদ্দেশ্যে মঙলবাৰে সোণাৰিত উপস্থিত হয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ, সাংস্কৃতিক পৰিক্ৰমা তথা শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰা ( Power Minister Bimal Bora) ৷ সোণাৰিত উপস্থিত হৈ চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ক'ভিড-19 সন্দৰ্ভত আৰু চৰাইদেউ জিলাৰ উন্নয়নৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ।

উক্ত পৰ্যালোচনা সভাত মন্ত্ৰী বৰাই চৰাইদেউ জিলা (Charaidew District)ৰ সাম্প্ৰতিক ক'ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত বুজ লৈ আগন্তুক দিনত কৰণা প্ৰতিৰোধৰ সন্দৰ্ভত ল'ব লগা ব্যৱস্থা সম্পৰ্কে জিলা উপায়ুক্ত তথা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ লগত কৰিলে আলোচনা । ক'ভিড প্ৰতিষেধক মজুত(Covid-19 Vaccine), ভেকচিনৰ কেন্দ্ৰ, চেনিটাইজেচন (Sensitization), মাস্ক (Mask) পৰিধান কৰা আৰু চৰাইদেউ জিলাৰ ক'ভিড-১৯ ৰ পৰিসংখ্যা আদি বিভিন্ন বিষয়ৰ ওপৰত সূক্ষ্মভাৱে পৰ্যালোচনা কৰে ।

চৰাইদেউত গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত শক্তি মন্ত্ৰী বিমল বৰা

ইয়াৰ উপৰিও চৰাইদেউ জিলাত নিৰ্মীয়মান অৱস্থাত থকা বিভিন্ন বিভাগৰ কাৰ্যালয় গৃহ, ৰাষ্ট্ৰীয় ঘাইপথ, সৌৰশক্তি চালিত পাম্প, খেলপথাৰ উন্নয়ন, মাংস আৰু গাখীৰৰ চাহিদা পূৰণ কৰিব পৰাকৈ ল'ব লগা ব্যৱস্থা, গাঁও সমূহত ক'ভিড ব্যৱস্থাপনা সমিতি স্থাপন, আদি বিভিন্ন বিষয়ৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰি বিভাগীয় মূৰব্বীসকলক তৎকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।

ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা চোৰাং বিদ্যুৎ(Electricity) সংযোগৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হয় মন্ত্ৰী গৰাকীক ৷ মন্ত্ৰীজনে বিদ্যুৎ চুৰি কাৰ্যত যিসকল লোক জড়িত আছে, সেয়া শীঘ্ৰেই বন্ধ কৰিবলৈ সকিয়নী প্ৰদান কৰে ৷ যদি কোনো লোকে চোৰাংভাৱে বিদ্যুৎ সংযোগ কৰা বুলি জানিব পাৰিলেই তেওঁলোকৰ বিৰুদ্ধে শীঘ্ৰেই আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকিয়নী প্ৰদান কৰে ।

চৰকাৰে বিদ্যুৎ উৎপাদনৰ লগতে ৰাজহ সংগ্ৰহৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। আগন্তুক ডেৰ বছৰৰ ভিতৰতে চৰকাৰে এক লাখ শিক্ষিত যুৱক-যুৱতীক চাকৰিত নিযুক্তি প্ৰদান কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

উক্ত পৰ্যালোচনা সভাত অসম চৰকাৰৰ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ (Dis-ester Management Department)ৰ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ(MP) তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক (MLA) ‌ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলাৰ উপায়ুক্ত Deputy Comissioner) বিনীতা পেগু, অতিৰিক্ত উপায়ুদ্বয় মৌচুমী চেতিয়া আৰু জাভেড আৰমানৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে ।

লগতে পঢ়ক- শিৱসাগৰৰ ক'ভিড ভেকচিন কেন্দ্ৰ পৰিদৰ্শন ডাঃ ৰণোজ পেগুৰ

ABOUT THE AUTHOR

...view details