মৰাণ, 24 আগষ্ট : ২১ আগষ্টত বৰঝাৰ বিমানবন্দৰৰ পৰা আৰম্ভ হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ "জন আশীৰ্বাদ যাত্ৰা" সোমবাৰে সামৰণি পৰে শিৱসাগৰ জিলাত ৷ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লোৱাৰ পাচত প্ৰথমবাৰৰ বাবে অসমলৈ আহি জন আশীৰ্বাদ যাত্ৰা(Jan Ashirwad Yatra)ত অংশ লয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অসমৰ মুঠ ছখন সাংগঠনিক জিলা আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে ভ্ৰমণ কৰে সোণোৱালে ৷
জন আশীৰ্বাদ যাত্ৰা(Jan Ashirwad Yatra)ৰ শেষৰ দিনা আৰ্থাৎ সোমবাৰে থাওৰা সমষ্টিৰ ডিমৌত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰৰ জল পৰিবহণ, বন্দৰ, জাহাজ আৰু আয়ুস মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । জন আশীৰ্বাদ যাত্ৰাৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী গৰাকী থাওৰা সমষ্টিত উপস্থিত হোৱাৰ লগে লগে গায়ন-বায়ন, বন্তি প্ৰজ্বলনেৰে উষ্ম আদৰণি জনাই ৰাইজে । অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন ।
লগতে পঢ়ক:যোৰহাটত সৰ্বানন্দ সোণোৱালৰ জন আৰ্শীবাদ যাত্ৰা
জন আশীৰ্বাদ যাত্ৰা(Jan Ashirwad Yatra)ৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে সম্বোধন কৰে এখন সংবাদমেল ৷