অসম

assam

ETV Bharat / city

পল'গ্ৰাউণ্ডৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ - ডিব্ৰুগড়ৰ থানা

ডিব্ৰুগড় চহৰৰ পল' গ্ৰাউণ্ড সমীপত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ২৪ টাকৈ ভাড়াঘৰ জাহ যায় ৷ 29 জুন দেওবাৰে সংঘটিত হোৱা অগ্নিকাণ্ডটোৰ শুকুৰবাৰে বুজ ল'লে কেন্দ্ৰীয় খাদ্য আৰু সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

Central Minister Rameswar Teli Attended At Dibrugarh Fire Spot
পল'গ্ৰাউণ্ড অগ্নিকাণ্ডস্থলী পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক প্ৰশান্ত ফুকনৰ

By

Published : Jul 2, 2021, 10:14 PM IST

ডিব্ৰুগড়, 2 জুলাই : ডিব্ৰুগড় চহৰৰ পল' গ্ৰাউণ্ড সমীপত 29 জুন দেওবাৰে সংঘটিত হোৱা অগ্নিকাণ্ডটোৰ শুকুৰবাৰে বুজ ল'লে কেন্দ্ৰীয় খাদ্য আৰু সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক প্ৰশান্ত ফুকনে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্তৰ সৈতে মত বিনিময় কৰে । তদুপৰি তেওঁলোকৰ ক্ষয়-ক্ষতিৰো বুজ লোৱাৰ লগতে ক্ষতিপূৰণ প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

পল'গ্ৰাউণ্ড অগ্নিকাণ্ডস্থলী পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক প্ৰশান্ত ফুকনৰ

ইতিমধ্যে জিলা প্ৰশাসনে তাৎক্ষণিক সাহাৰ্য হিচাপে ৩,৮০০ টকা প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷ ইফালে ক্ষতিগ্ৰস্ত লোক সকলক স্থানীয় বিধায়কগৰাকীয়ে ইতিমধ্যে খাদ্য সামগ্ৰী প্ৰদান কৰাৰ কথাও সদৰি কৰে । উল্লেখযোগ্য যে, যোৱা 29 জুন দেওবাৰে নিশা প্ৰায় ৭.৩০ বজাত পল'গ্ৰাউণ্ড সমীপৰ অমিত চক্চেনাৰ ২৪ টাকৈ ভাড়াঘৰ অগ্নিকাণ্ডত জাহ গৈছিল ।

উক্ত অগ্নিকাণ্ডটো শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ অগ্নিকাণ্ডটোত বিস্ফোৰিত হৈছিল ৮ টাকৈ চিলিণ্ডাৰ । তদুপৰি এই অগ্নিকাণ্ডত বহু লক্ষাধিক টকাৰ লগতে বহু সা-সম্পত্তি জুইত জাহ যায় ।

পঢ়ক-ছয়মাহৰ ভিতৰত মুকলি হ'ব নলবাৰীৰ তাৰকা গৃহ

ABOUT THE AUTHOR

...view details