অসম

assam

ETV Bharat / city

ৰাজ্যজুৰি "CAA" বিৰোধী প্ৰতিবাদ অব্যাহত - টিংখাঙত "CAA" বিৰোধী আন্দোলন

সংবিধান বিৰোধী "CAA"বাতিল আৰু"CAA" বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ কৰা অখিল গগৈসহ সকলো বন্দীক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত মঙলবাৰে সন্ধিয়া টিংখাঙত প্ৰতিবাদকাৰীয়ে জোঁৰ সমদল উলিয়াই ।

"CAA" বিৰোধী প্ৰতিবাদ অব্যাহত
"CAA" বিৰোধী প্ৰতিবাদ অব্যাহত

By

Published : Jan 22, 2020, 7:49 AM IST

মাৰ্ঘেৰিটা, 22 জানুৱাৰীঃনাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসমত আছু আৰু যুৱ ছাত্র পৰিষদকে ধৰি অন্যান্য সংগঠন তথা অসমৰ জনতাই আন্দোলন তীব্র কৰি তুলিছে ৷ মঙলবাৰে সন্ধিয়া বৰগোলাই দিহিং ক্ৰীড়া প্রকল্পৰ খেল পথাৰৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ আহ্বানত ওলাই আহে কেইবা শতাধিক জনতা ৷ সমবেত জনতাই বৰগোলাইৰ পৰা লিডু পৰ্যন্ত জোৰ লৈ সমদল উলিয়ায় ৷ আনহাতে যুৱ ছাত্র পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক কাঞ্চন বৰাই প্রতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰি কয় যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বুধবাৰলৈ আশা কৰো অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থৰ হকে ৰায় দিব ৷

মাৰ্ঘেৰিতা "CAA" বিৰোধী প্ৰতিবাদ অব্যাহত

লগতে পঢ়কঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নগাঁৱত জোৰ সমদল

সমান্তৰালকৈ,সংবিধান বিৰোধী "CAA" বাতিল আৰু "CAA" বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ কৰা অখিল গগৈসহ সকলো বন্দীক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত মঙলবাৰে সন্ধিয়া টিংখাঙত প্ৰতিবাদকাৰীয়ে জোৰ সমদল উলিয়াই । নাগৰিকত্ব সংশোধনী আইন ২০১৯ বিৰোধী ঐক্য মঞ্চ টিংখাঙৰ উদ্যোগত টিংখাং সমষ্টিৰ প্ৰাণকেন্দ্ৰ ৰাজগড়ত এই বিশাল জোৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰা হয়। সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহশ্ৰাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোৰ লৈ চৰকাৰ বিৰোধী শ্ল'গানেৰে ৰাজগড়ৰ পৰিস্থিতি উত্তাল কৰি তোলে ।

টিংখাঙত "CAA" বিৰোধী প্ৰতিবাদ অব্যাহত

ৰাজগড়ৰ কৰঙাণী চাহ বাগিচাৰ সমীপৰ পৰা মৰাণ নাহৰকটিয়া পথেৰে ৰাজগড়ৰ ছহীদ বেদীৰ সমীপলৈকে এই সমদল বাহিৰ কৰা হয়। প্ৰতিবাদৰ সময়ত ৰাজগড়ৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ব্যৱসায়ীসকলেও প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বুধবাৰে উচ্চতম ন্যায়ালয়ত এই আইনক লৈ হ'ব লগীয়া শুনানিত যদি অসমীয়াৰ বিৰুদ্ধে ৰায় প্ৰদান কৰে তেন্তে এই আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলিও প্ৰতিবাদকাৰী সকলে সকিয়নী প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details