অসম

assam

ETV Bharat / city

নামৰূপৰ বি ভি এফ চি এলৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ - নামৰূপৰ বি ভি এফ চি এলৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ

নামৰূপৰ বি.ভি.এফ.চি.এল'ৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ(BVFCL Namrup contractual employees Protest) ৷ কন্ট্ৰেক্টৰ লেবাৰ ইউনিয়ন (CLUN)আৰু বি.ভি.এফ.চি.এল মেনেজমেণ্ট'ৰ মাজত হোৱা চুক্তিৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত ভুক্তভোগী কৰ্মচাৰীৰ ৷

Protest programme by victim contract employees of BVFCL
নামৰূপৰ বি.ভি.এফ.চি.এল'ৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ

By

Published : Aug 18, 2022, 10:27 AM IST

মৰাণ,18 আগষ্ট: কন্ট্ৰেক্টৰ লেবাৰ ইউনিয়ন (CLUN)আৰু বি.ভি.এফ.চি.এল মেনেজমেণ্ট'ৰ মাজত হোৱা চুক্তিৰ বিৰোধিতাৰে নামৰূপৰ বি.ভি.এফ.চি.এল'ৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী কৰ্মচাৰীসকলে(Protest by contractual employees of BVFCL) ।

নামৰূপৰ বি.ভি.এফ.চি.এল'ৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ

উল্লেখযোগ্য যে, 20 জুলাইৰ দিনা Centre of Indian Trade Unions চমুকৈ চিতুৰ অন্তৰ্গত কন্ট্ৰেক্টৰ লেবাৰ ইউনিয়ন(CLUN)ৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি বহুকেইজন বিষয়ববীয়াই আলোচনাৰ মাধ্যমেৰে এখন পাঁচ বছৰীয়া চুক্তি প্ৰস্তুত কৰে (Five year contract)। বি.ভি.এফ.চি.এল মেনেজমেণ্টৰ লগত হোৱা উক্ত চুক্তিখন সন্দৰ্ভত কৰ্মচাৰী সকলক কোনো কথা অৱগত নকৰাকৈ কন্ট্ৰেক্টৰ লেবাৰ ইউনিয়নৰ (CLUN)ৰ বিষয়ববীয়াসকলে শ্ৰমিক আয়ুক্ত কাৰ্যালয়ত (Labour commissioner)চুক্তিখনৰ চূড়ান্ত ৰূপ দিয়ে ।

চুক্তিখনে চূড়ান্ত ৰূপ লাভ কৰাৰ পাছতে কৰ্মচাৰীসকল প্ৰাপ্য বহু সা-সুবিধাৰ পৰা বঞ্চিত হবলগীয়া হ'ল বুলি আক্ষেপজনক মন্তব্য প্ৰকাশ কৰে । কৰ্মচাৰীসকলৰ দাবী অনুসৰি গ্ৰেডেশ্বন(Gradation) গ্ৰেচুইটি(Gratuaity)ইত্যাদি সুবিধাৰ পৰা অহা পাঁচ বছৰলৈকে বঞ্চিত হোৱাৰ উপৰিও শ্ৰমিকসকলে কোনো ধৰণৰ সা-সুবিধা দাবী কৰিব নোৱাৰিব বুলি চুক্তিপত্ৰখনত উৰ্দ্ধতম কৰ্তৃপক্ষই স্বাক্ষৰ কৰা খবৰ কৰ্মচাৰীসকলে লাভ কৰাৰ পাছতে নামৰূপ BVFCLৰ মুখ্য প্ৰৱেশ দুৱাৰৰ সন্মুখত কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে(workers protested) ।

আনহাতে, আগন্তক দিনত শ্ৰমিকসকলৰ দাবী অনুসৰি চুক্তিখনৰ সংশোধন নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি বুলি হুংকাৰ প্ৰদান কৰে কৰ্মচাৰী সকলে (Threatened to launch a violent agitation)। বিষয়টো সন্দৰ্ভত চৰকাৰ তথা উৰ্দ্ধতম কৰ্তৃপক্ষক তদন্ত কৰি শ্ৰমিকসকলৰ ন্যায্য প্ৰাপ্য লাভ কৰাত সহায় আগবঢ়াবলৈ কাতৰ আহ্বান জনাইছে সা-সুবিধা বঞ্চিত কৰ্মচাৰীসকলে ।

লগতে পঢ়ক:No salaries: পাঁচ মাহে দৰমহা পোৱা নাই NRCৰ দুই শতাধিক কৰ্মচাৰীয়ে

ABOUT THE AUTHOR

...view details