ডিব্ৰুগড়, 9 ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ । ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰি দিছে ৰাজনৈতিক ৰণ কৌশলৰ লগতে কুচ-কাৱাজ ৷ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰি দিছে ইখনৰ পিছত সিখন বিশাল নিৰ্বাচনী সভা ৷ ৰাষ্ট্ৰীয় দল কংগ্ৰেছেও সম্পূৰ্ণ যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ ৷
ইয়াৰ অংশ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিতো দেখা গ’ল ইয়াৰ প্ৰতিফলন ৷ কংগ্ৰেছী যুৱ নেতা মনোজ ধানোৱাৰেও ইতিমধ্যে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা সমিতি অনুষ্ঠিত কৰি ভোট আদায়ৰ সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে । সেই উদ্দেশ্যৰেই সোমবাৰে লাহোৱাল সমষ্টিৰ জকাইত জকাই মণ্ডল কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্ঠিত কৰে এখনি দলীয় সভা ৷ সেই সভাখনতে মনোজ ধানোৱাৰৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীৰ শতাধিক কৰ্মীয়ে লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ সংগ এৰি কংগ্ৰেছ দলত যোগদান কৰে ।