অসম

assam

ETV Bharat / city

ডিকমত অনুষ্ঠিত মটক যুৱ-ছাত্ৰ সন্মিলনৰ বিহু কৰ্মশালাৰ সামৰণি - সভাপতি অজয় গগৈ

মটক যুৱ ছাত্ৰ সন্মিলনৰ ডিকম আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ন-ৰামধেণু শিল্পী সংঘৰ সহযোগত ১৫ দিনীয়া বিহু কৰ্মশালা বুধবাৰে অন্ত পৰে ৷

bihu-workshop-is-end-at-dikom
ডিকমত অনুষ্ঠিত মটক যুৱ-ছাত্ৰ সন্মিলনৰ বিহু কৰ্মশালাৰ সামৰণি

By

Published : Apr 2, 2021, 11:38 AM IST

ডিব্ৰুগড়, 2 এপ্ৰিল: ডিকমত অনুষ্ঠিত মটক যুৱ-ছাত্ৰ সন্মিলনৰ বিহু কৰ্মশালা বুধবাৰে সামৰণি পৰে ৷ ডিকম আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ন-ৰামধেনু শিল্পী সংঘৰ সহযোগত 15 দিনীয়া বিহু কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ মটক যুৱ-ছাত্ৰ সন্মিলনৰ ডিকম আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক অৰিন্দম গগৈয়ে, উঠি অহা প্ৰজন্মই যাতে শুদ্ধ ৰূপত জাতীয় সংস্কৃতিৰ প্ৰধান বিহুটোক তুলি ধৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখিয়েই এই কৰ্মশালা আয়োজন কৰা বুলি জনায় ৷

ডিকমত অনুষ্ঠিত মটক যুৱ-ছাত্ৰ সন্মিলনৰ বিহু কৰ্মশালাৰ সামৰণি

লগতে কেন্দ্ৰীয় সমিতিখনৰ উপ-সভাপতি অজয় গগৈয়ে ৭ খন জিলাৰ অন্তৰ্গত সকলো আঞ্চলিকৰ পৰা কৰ্মশালাৰ আয়োজন কৰি প্ৰতিখন আঞ্চলিকৰ তিনি গৰাকীকৈ শ্ৰেষ্ঠ বিহু নৃত্য শিল্পীৰ ভিতৰত এগৰাকী নিৰ্বাচন কৰি বিশ্ব দৰবাৰলৈকে আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টা হাতত লোৱা কথাও উল্লেখ কৰে ৷ ইয়াৰ লগতে উজনি অসমৰ প্ৰতিটো জনগোষ্ঠীয় বিহু যেনে জেং বিহু, গছ তলৰ বিহু আদিৰ স্বকীয়তা বজাই ৰখাৰ বাবে জনগোষ্ঠীয় লোক সকলৰ প্ৰতি আহ্বান জনায় অজয় গগৈয়ে ।

লগতে পঢ়ক :পাথাৰকান্দিৰ বিজেপি কাৰ্যালয়ত উৎসৱ মুখৰ পৰিৱেশ

ABOUT THE AUTHOR

...view details