অসম

assam

ETV Bharat / city

লাহোৱালত বিহু নাচ-ঢোলবাদ্য কৰ্মশালা সমাপ্ত - বিহু কৰ্মশালা

লাহোৱালৰ মন বহাগী সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু নাচ আৰু ঢোলবাদ্যৰ কৰ্মশালা সমাপ্ত ৷ বকুল মাজ গাঁৱৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা কৰ্মশালাখনিত সোমবাৰে ৮০ গৰাকীকৈ প্ৰশিক্ষাৰ্থীক প্ৰদান কৰা হয় গছপুলি আৰু মানপত্ৰ ।

লাহোৱালত আয়োজিত বিহু নাচ আৰু ঢোলবাদ্য কৰ্মশালাৰ সমাপ্ত
লাহোৱালত আয়োজিত বিহু নাচ আৰু ঢোলবাদ্য কৰ্মশালাৰ সমাপ্ত

By

Published : Mar 30, 2021, 11:31 AM IST

লাহোৱাল,30 মাৰ্চঃনিৰ্বাচনৰ সমান্তৰালকৈ ৰাজ্যত প্ৰস্তুতি চলিছে ৰঙালীক আদৰাৰ ৷ ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত দেখা গৈছে বিহুৰ প্ৰস্তুতি । অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ জিলাখনৰ বিভিন্ন প্ৰান্তত বিহু কৰ্মশালাসমূহ আৰম্ভ হৈছে । লাহোৱালৰ সামাজিক, সাংস্কৃতিক অনুষ্ঠান লাহোৱাল মন বহাগী সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰম্ভ হোৱা বিহু নাচ আৰু ঢোলবাদ্যৰ কৰ্মশালাখনি আড়ম্বৰপূৰ্ণভাৱে সমাপ্ত হয় ।

লতাশিলৰ বিহু কুঁৱৰী নিবেদিতা বৰা আৰু বিহুৰাণী নিহাৰিকা শইকীয়াই এই বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷ এই কৰ্মশালাত ঢোলবাদ্যৰ বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে ঢোলৰ ওজা জিতু গগৈয়ে । লাহোৱালৰ বকুল মাজগাঁৱৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা কৰ্মশালাখনিৰ সোমবাৰে সামৰণি পৰে ৷ অন্তিম দিনটোত ৮০ গৰাকীকৈ প্ৰশিক্ষাৰ্থীক একোটাকৈ গছপুলি আৰু মানপত্ৰ প্ৰদান কৰা হয় ।

বিহু নাচ-ঢোলবাদ্য কৰ্মশালা সমাপ্ত

অনুষ্ঠানটোত সমাজকৰ্মী দয়ানন্দ শ্বাহ, সাংবাদিক বিজন্ত গগৈ, যুৱনেতা দিব্যজিৎ দত্ত, নৱ জাগৃতি যুৱক সংঘৰ সম্পাদক কুশল কোঁৱৰ, শিক্ষক জিতু গগৈকে ধৰি কেইবাগৰাকীও ব্যক্তিয়ে অংশগ্ৰহণ কৰে । মন বহাগী সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত যথেষ্ট সংখ্যক ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । অনুষ্ঠানত মন বহাগী বিহুৱা দলৰ কৰ্মকতাসকলে বিহুগীত পৰিৱেশন কৰাৰ লগতে অনুষ্ঠানটি সূচাৰুৰূপে সম্পন্ন হোৱাত সহযোগ আগবঢ়ায় ।

লগতে পঢ়কঃদুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত তিনিচুকীয়া

ABOUT THE AUTHOR

...view details