মৰাণ,২ মে': দেশৰ লগতে ৰাজ্যতো দ্ৰুতগতিত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ধৰিছে । ডিব্ৰুগড় জিলাৰ মৰাণতো শনিবাৰৰ দিনটোলৈকে ৩০০ গৰাকীলৈ ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ।
মৰাণৰ বাৱৰ্চি ৰেষ্টুৰেণ্টৰ দুজন কৰ্মচাৰী ক্ৰমে লক্ষণ চাহু (৫৩) আৰু মোহন চাহু (৩২)ৰ দেহতো শনিবাৰে ক'ভিডৰ অৱস্থিতি ধৰা পৰে । ইয়ৰ পাচতেই দেওবাৰে মৰাণৰ স্থানীয় প্ৰশাসনে সাময়িকভাৱে ৰেষ্টুৰেণ্টখন বন্ধ কৰি দিয়ে ।