অসম

assam

By

Published : Aug 24, 2021, 10:01 AM IST

ETV Bharat / city

ডিব্ৰুগড়ত উন্মোচিত হ’ল ‘বাণী বৈভৱ’

বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী কেইবাখনো বিদ্যালয়ৰ প্ৰতিষ্ঠাতা বাণী গগৈৰ জীৱনী সমৃদ্ধ এখনি অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয় । ‘বাণী বৈভৱ’ নামৰ অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আচাৰ্য ৰজনীকান্ত দত্তই ।

bani boibhav book release
উন্মোচন হ’ল ‘বাণী বৈভৱ’

ডিব্ৰুগড়, 24 আগষ্ট :উন্মোচন হ’ল ‘বাণী বৈভৱ’ ৷ ‘বাণী বৈভৱ’ হৈছে বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী লগতে কেইবাখনো বিদ্যালয়ৰ প্ৰতিষ্ঠাতা বাণী গগৈৰ জীৱনী সমৃদ্ধ এখনি অভিনন্দন গ্ৰন্থ । এই গ্ৰন্থখন সোমবাৰে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় ৷

‘বাণী বৈভৱ’ নামৰ অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আচাৰ্য ৰজনীকান্ত দত্তই । ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই গ্ৰন্থখনি উন্মোচন কৰে । উন্মোচনী ভাষণ প্ৰসংগত বৈঞ্চৱ পণ্ডিত ৰজনীকান্ত দত্তই বাণী গগৈৰ সমাজ জীৱনৰ ওপৰত আলোকপাত কৰে । অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া দুৰ্লভ চেতিয়াৰ সঞ্চালনাত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানটি ৷

উন্মোচন হ’ল ‘বাণী বৈভৱ’

লগতে পঢ়ক:সাংবাদিক সকলে বুজি পোৱা ইচ্যু নহয় সীমা সংঘাত : হিমন্ত বিশ্ব শৰ্মা

এই অনুষ্ঠানত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ শশীকান্ত শইকীয়া, ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক, বিশিষ্ট লিখক গন্ধেশ্বৰ শইকীয়া, ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা জ্যোতি বৰগোঁহাই, আকাশবাণী ডিব্ৰুগড়ৰ কেন্দ্ৰ সঞ্চালক লোহিত ডেকা, গ্ৰন্থ প্ৰকাশৰ সমিতিৰ সম্পাদক পুতুল কোঁৱৰ উপস্থিত থাকে । কোটোহা হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে আৰম্ভ কৰা বাণী গগৈয়ে, চেঁচা মৈদামণি হাইস্কুল, চেঁচা মৈদামণি এম ই স্কুল আদি ৰাজ্যৰ কেইবাখনো বিদ্যালয় প্ৰতিষ্ঠাৰ সৈতে জড়িত আছিল । পাচত ডিব্ৰুগড় জৰ্জ হাইস্কুল, পাব্লিক হাইস্কুলত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছিল ।

পাচলৈ ডিব্ৰুগড় কদমণিত গ্ৰীণভিউ হাইস্কুল নামৰ এখন বিদ্যালয় প্ৰতিষ্ঠা কৰি শিক্ষাৰ জ্যোতি বিলাই গৈছে । ৰাজ্যত শিক্ষকতাৰ বৃত্তিৰে জীৱনৰ 84 বছৰত ভৰি দিয়ে তেওঁ । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক বাণী গগৈৰ অভিনন্দন গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ডিব্ৰুগড়ৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীত্বৰ সময়ত অসমবাসীক জীয়া ঠগন দিছে সৰ্বানন্দই : ভূপেন বৰা

ABOUT THE AUTHOR

...view details