মৰাণ, 23 মে' : বাৰিষাৰ প্ৰথম জাক ধাৰাষাৰ বৰষুণত ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ পথসমূহ বোকাময় হৈ পৰিছে । ডিমৌ গাওঁ পঞ্চায়ত আৰু ডিমৌ পৌৰসভাৰ অন্তৰ্গত কলিয়াপানী স্বৰ্নগাঁৱৰ পথটোৰ অৱস্থা পুতৌলগা হৈ পৰিছে । ডিমৌ হাৰিপৰা আলি আৰু ডিমৌ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী পথটোও প্ৰথমজাক বৰষুণতেই শোচনীয় হৈ পৰিছে ৷
লক্ষণীয় যে, ডিমৌ নগৰৰ পৰা এক কিলোমিটাৰ নিলগত অৱস্থিত কলিয়াপানী স্বৰ্নগাওঁ উন্নয়নৰ ক্ষেত্ৰত সকলো দিশতে পিছপৰি আছে । দুই শতাধিকতকৈ অধিক পৰিয়ালে বাস গাওঁখনত দৈনিক শতাধিক লোকৰ জীৱন নিৰ্বাহৰ একমাত্ৰ পথটো বৰ্তমান পুখুৰী সদৃশ গাঁতৰ লগতে বোকাময় হৈ পৰা পৰিলক্ষিত হৈছে ৷