অসম

assam

ETV Bharat / city

নাহৰকটীয়াত চৰকাৰৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ

চৰকাৰে অসমৰ ভূমি বহিৰাগতক দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠে বিভিন্ন দল সংগঠনৰ লগতে সদৌ অসম ছাত্ৰ সন্থা ৷ উক্ত সিদ্ধান্তৰ বিৰুদ্ধে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ASSU Protest Agains Govt At Naharkatia
নাহৰকটীয়াত চৰকাৰৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ

By

Published : Jul 2, 2020, 6:48 PM IST

নাহৰকটীয়া, 2জুলাইঃ ডিব্ৰুগড়জিলাৰনাহৰকটীয়াত চৰকাৰৰ বিৰুদ্ধে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসম চৰকাৰে অসমৰ ভূমি বহিৰাগতক দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ছাত্ৰ সংগঠনটোৰ সদস্য সকলে ৷

নাহৰকটীয়াত চৰকাৰৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ

বৰ্তমান সমগ্ৰ ৰাজ্যজুৰি লক ডাউন চলি থকাৰ সুবিধা গ্ৰহণ কৰি অসমৰ ৰাইজৰ অজ্ঞাতে অসম চৰকাৰে অসমৰ ভূমি বহিৰাগতক দিয়াৰ বাবে যি আইন প্ৰণয়ন কৰে ৷ উক্ত ঘটনাৰ প্ৰতিবাদত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ নাহৰকটীয়া শ্বহীদ স্মৃতি ভৱনৰ সন্মুখতে তিনিচুকীয়া টিৰাপ সংযোগী মুখ্যপথ অৱৰোধ কৰে প্ৰতিবাদকাৰী সকলে ৷ তাৰোপৰি খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ প্ৰতিলিপিয়ো দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷ লগতে বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি হুচিয়াৰ আদি চৰকাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে । ইফালে শাসনাধিষ্ট মিত্ৰজোঁট চৰকাৰখনে এই জাতিদ্ৰোহী সিদ্ধান্ত অনতিপলমে বাতিল নকৰিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে ৷

লগতে পঢ়ক- ভিন্ন দাবীৰে যোৰহাটত কা-বিৰোধী ঐক্যৰ মঞ্চ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details