মৰাণ, 28মে’: সাত সাগৰ তেৰ নদীৰ সিপাৰে ভাৰত মহাসাগৰত অসম কন্যাৰ বিৰল কৃতিত্ব । মাত্ৰ ন বছৰ বয়সতে ভাৰত মহাসাগৰত একেৰাহে 13 ঘণ্টা 50 মিনিট সাঁতুৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হ'ল চাবুৱাৰ কস্তুৰী গগৈয়ে (Assam daughter swimming record)। এই কণমানি বয়সতে নিজা বিৰল প্ৰতিভাৰে বিশ্ব দৰবাৰত জিলিকি উঠি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে কস্তুৰীয়ে ৷
সুদূৰ ভাৰত মহাসাগৰত অসম কন্যাৰ বিৰল কৃতিত্ব উল্লেখ্য যে নিশা এক বজাত শ্ৰীলংকাৰ মানাৰ দ্বীপৰ পৰা সাঁতোৰ আৰম্ভ কৰি কস্তুৰীয়ে একেৰাহে 13 ঘণ্টা 50 মিনিটত সাঁতোৰ সমাপ্ত কৰে তামিলনাডুৰ আৰ্চুল মোলাইত । শ্ৰীলংকাত বিজয় উল্লাসেৰে কস্তুৰীয়ে উৰুৱালে অসমৰ স্বাভিমান গামোচা । পিছে এয়া সহজ নাছিল । নিশা ভাৰত মহাসাগৰৰ উত্তাল ঢৌ, জেলি ফিছ আদিৰ দৰে কঠিন প্ৰত্যাহ্বানকো নেওচি লক্ষ্যত উপনীত হ'ল কস্তুৰী । যেন লগে লগে সাঁতোৰৰ ক্ষেত্ৰখনত ৰচিত হ'ল এক ইতিহাস ।
সাঁতোৰবিদ বাবুল গুৰঙৰ পৰা প্ৰশিক্ষণ লৈছিল কস্তুৰী গগৈয়ে (Assam daughter set record by swimming) ৷ বৰ্তমানেও বাবুল গুৰঙৰ তত্ত্বাৱধানতে সাঁতোৰৰ প্ৰশিক্ষণ লৈ থকা কস্তুৰীয়ে মাত্ৰ চাৰি বছৰ বয়সতে সাঁতোৰৰ জগতত প্ৰৱেশ কৰিছিল । চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী কস্তুৰীয়ে ভৱিষ্যতে হ'ব বিচাৰে এগৰাকী সুদক্ষ সাঁতোৰবিদ ।
সুদূৰ ভাৰত মহাসাগৰত অসম কন্যাৰ বিৰল কৃতিত্ব আনহাতে সুদূৰ শ্ৰীলংকালৈ যোৱাৰ বাবে আৰ্থিকভাৱে লগতে বিভিন্ন ধৰণে সহায় আগবঢ়োৱা বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু চাবুৱাৰ বিধায়ক পোনাকণক বৰুৱা আৰু ক্ৰীড়া মন্ত্ৰী বিমল বৰাক বিশেষভাৱে ধন্যবাদ জনায় কস্তুৰীৰ মাতৃ মিতালী গগৈয়ে ।
লগতে পঢ়ক: হায়দৰাবাদ বিমান বন্দৰত তেলেংগানাৰ জীয়ৰী নিখাতক উষ্ম আদৰণি