অসম

assam

ETV Bharat / city

'কা' বাতিল দাবীত মৰাণত উত্তাল প্ৰতিবাদ আছুৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি আজি মৰাণত ছাত্ৰ সন্থাৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজপথতে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ প্ৰতিলিপি দাহ কৰে প্ৰতিবাদকাৰী সকলে ।

AASU Protest at Moran
'কা' বাতিল দাবীত মৰাণত উত্তাল প্ৰতিবাদ আছুৰ

By

Published : Jan 24, 2021, 10:53 PM IST

মৰাণ, 24 জানুৱাৰী: ৰাজ্যত পুনৰ গা কৰি উঠিছে 'কা' আৰু 'কৃষি আইন' বিৰুধী আন্দোলনে ৷ ইয়াৰ বিৰুধীতাৰে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য সকলেও ভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি ডিব্ৰুগড় জিলাৰ মৰাণতো মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

'কা' বাতিল দাবীত মৰাণত উত্তাল প্ৰতিবাদ আছুৰ

প্ৰতিবাদকাৰী সকলে 'কা'ৰ প্ৰতিলিপি দাহ কৰাল লগতে ক'লা পতাকা উত্তোলন কৰি ক'লা দিৱস পালন কৰে ৷ লগতে আছু মৰাণ আঞ্চলিকৰ কাৰ্যালয়ৰ সন্মুখত আছু কৰ্মকৰ্তা সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ আজি এই কাৰ্যসূচীত আছুৰ চৰাইদেউ জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অবিনাশ শৰ্মা, মৰাণ আঞ্চলিকৰ সভাপতি, সম্পাদক ক্ৰমে জিতু গগৈ আৰু ভাস্কৰ বৰুৱা উপস্থিত থাকি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিছিল সদৌ অসম ছাত্ৰ সন্থাই ৷ দেওবাৰেও অমিত শ্বাহৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি বিক্ষোভ প্ৰদৰ্শন কৰিলে ছাত্ৰ সংগঠনটোৱে ৷

লগতে পঢ়ক- অমিত শ্বাহৰ আগমণৰ প্ৰাক্ ক্ষণত নলবাৰীত ৰাইজৰ দলৰ অনশন

ABOUT THE AUTHOR

...view details