মৰাণ, 10 ডিচেম্বৰ : ঋতু পৰিৱৰ্তনৰ কথা সোঁৱৰাই ৰাজ্যলৈ নামিছে শীত । হিম চেঁচা বতাহজাকে লৈ আহিছে শীতৰ শিহৰণ । সেউজীয়াৰ পৰা সোণালী হৈছে পথাৰ । পথাৰৰ ধাননি দাই ভঁৰাললৈ সোণগুটি অনাৰ চলিছে প্ৰস্তুতি ৷ ইয়াৰ মাজতেই দেশ-বিদেশৰ পৰা আগমণ ঘটিছে অলেখ পৰিভ্ৰমী পক্ষীৰ ।
বাৰিষাত ওফন্দি উঠা ৰাজ্যৰ জলাশয়সমূহ এতিয়া ঋতু পৰিৱৰ্তনৰ লগে লগে হৈ পৰিছে তৰাং । এই তৰাং খাল-বিল, জলাশয় আৰু নদ-নদীসমূহ এতিয়া হৈ পৰিছে দেশী-বিদেশী হাজাৰ-হাজাৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণভূমি । ব্যতিক্ৰম হোৱা নাই নাহৰকটীয়াৰ চাচনী মেৰবিল পৰ্যটন প্ৰকল্প(Sasoni Merbill Eco Tourism Project)ত । মেৰবিলৰ বাকৰি এতিয়া হৈ পৰিছে হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি অহা দেশী বিদেশী অজস্ৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণভূমি(merbil becomes home to over thousands of migratory birds) ।