মৰাণ,1 ডিচেম্বৰঃ ৰাজ্যৰ পুৰাতত্ব বিভাগে ডিব্ৰুগড় চহৰত অত্যাধুনিক ৰূপত নিৰ্মাণ কৰিলে সৰ্ববৃহৎ প্ৰাচীন সামগ্ৰীৰ সংগ্ৰহালয়টো। প্ৰাচীন কালত নানা সমল, ভগ্নাৱশেষ সামগ্ৰী সমূহ অত্যাধুনিক ভাৱে সংগ্ৰহ কৰিবলৈ ল'লে এক বিশেষ ব্যৱস্থা ৷ লগতে ঐতিহাসিক সমল সমূহৰ গৱেষণাৰ বাবে লৈছে এক বিশেষ পদক্ষেপ ।
এই সংগ্ৰহালয়টোৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰাচীন সম্পদ সমূহ পুৰাতত্ব বিভাগে সংগ্ৰহ কৰি ৰাখিছে । উল্লেখ্য যে, এই অত্যাধুনিক পুৰাতত্ব বিভাগৰ সংগ্ৰহালয়টো নিৰ্মাণ কৰোতে ব্যয় হৈছে ৩ কোটি ৪৩ লাখ টকা ৷
চ্যুকাফা দিৱসৰ দিনাই মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব উজনি অসমৰ অন্যত্বম সংগ্ৰহালয়টো - ডিব্ৰুগড়
ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চ্যুকাফা দিৱসৰ দিনাই ডিব্ৰুগড়ত মুকলি কৰিব উজনি অসমৰ ভিতৰত অন্যত্বম পুৰাতত্ব সংগ্ৰহালয়টো ৷
চ্যুকাফা দিৱসৰ দিনাই মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব উজনি অসমৰ অন্যত্বম সংগ্ৰহালয়টো
ইফালে এই সংগ্ৰহালয়টো বুধবাৰে অৰ্থাৎ ২ ডিচেম্বৰত চ্যুকাফা দিৱসৰ দিনাই ডিব্ৰুগড়ত আনুষ্ঠানিক ভাৱে মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই সংগ্ৰহালয়টোৰ জৰিয়তে ৰাজ্যৰ প্ৰাচীন কলা-কৃষ্টি তথা সম্পদ সমূহ উদ্ধাৰ কৰাৰ লগতে সংগ্ৰহৰ দিশত আন এক নতুন দিশৰ সূচনা হ'ব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্যৰ পুৰাতত্ব বিভাগে ।
লগতে পঢ়ক-মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সংৰক্ষণৰ উৎকৰ্ষকতাৰ বঁটা