অসম

assam

ETV Bharat / city

'কা' বাতিলৰ দাবীত টিংখাঙত চিপিআই(এম এল) ৰ বিক্ষোভ কাৰ্যসূচী

টিংখাঙত কৃষি আইন বাতিল, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, মূল্য বৃদ্ধিৰ ৰোধ, আৰু SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চিপিআই(এম এল) ৰ সদস্য সকলে ৷ অতি শীঘ্ৰে এই আইন বাতিল নকৰিলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ৷

By

Published : Jan 25, 2021, 6:13 PM IST

CPIML_protest At Tingkhong
'কা' বাতিলৰ দাবীত টিংখাঙত CPIML ৰ বিক্ষোভ কাৰ্যসূচী

টিংখাং, 25 জানুৱাৰী : ৰাজ্যত পুনৰ গা কৰি উঠিছে 'নাগৰিকত্ব সংশোধনী আইন-2019' আৰু 'কৃষি আইন' বাতিলৰ আন্দোলনে ৷ ইতিমধ্যে ৰাজ্যত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে ভিন্ন ধৰণে এই আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সমান্তৰালকৈ সোমবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙতো চিপিআই(এম এল) দলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

'কা' বাতিলৰ দাবীত টিংখাঙত CPIML ৰ বিক্ষোভ কাৰ্যসূচী

ইফালে নতুন কৃষি আইন বাতিল, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, মূল্য বৃদ্ধিৰ ৰোধ, SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত সোমবাৰে চিপিআই(এম এল)দলে ৰাজগড়ত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । তাৰোপৰি টিংখাঙৰ ৰাজগড়ৰ যুৰীয়া আই থানৰ প্ৰেক্ষাগৃহত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে । চিপিআই(এম এল) ৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপন বকলীয়ালে আঁত ধৰা প্ৰতিবাদী সভাত দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া আৰু অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কেন্দ্ৰীয় উপ সভানেত্ৰী মীৰা তাঁতীয়ে বক্তব্য প্ৰদান কৰে ।

ইয়াৰ পিছতে উপস্থিত শতাধিক প্ৰতিবাদী ৰাইজে যুৰীয়া আইথানৰ পৰা টিংখাং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈ এক প্ৰতিবাদী ৰেলী উলিয়াই । প্ৰতিবাদকাৰী সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি ৰাজপথ উত্তাল কৰি তোলে ।

লগতে কৃষি আইন বাতিলৰ দাবীত, চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকা ঘোষণা কৰা, মূল্য বৃদ্ধি ৰোধ, SI কেলেংকাৰীৰ চিবিআই তদন্ত ঘোষণাৰ দাবীত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্য মন্ত্ৰীলৈ টিংখাং ৰাজহ চক্ৰ বিষয়াৰ যোগেদি পৃথকে পৃথকে দুখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

লগতে পঢ়ক-ভাৰত-চীনৰ নৱমলানি আলোচনাৰ মাজতেই সীমান্তত পুনৰ সংঘাত

ABOUT THE AUTHOR

...view details