অসম

assam

ETV Bharat / city

ডিব্ৰুগড়ত কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ: বৃদ্ধি পাইছে জলস্তৰ - ডিব্ৰুগড়ত কৃত্ৰিম বান

ডিব্ৰুগড়ত কৃত্ৰিম বানৰ ফলত প্ৰাণ হেৰুৱাইছে এগৰাকী মহিলাই ৷ চহৰখনৰ চাউলউখোৱাৰ ঘৰবন্দীচুকত সংঘটিত হৈছে এই অঘটন । চহৰখনত কৃত্ৰিম বানে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে এতিয়া নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি হৈছে জলস্তৰ ৷ চহৰখনত বিপদসীমাৰ পৰা প্ৰায় 105.70 মিটাৰ তলেৰে পানীৰ সোঁত বৈছে যদিও বৰষুণ অব্যাহত থাকিলে এই সীমা বৃদ্ধি পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷

artificial flood creates dangerous problem at Dibrugarh Assam etv bharat news
ডিব্ৰুগড়ত কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ

By

Published : Jun 25, 2020, 6:15 PM IST

ডিব্ৰুগড়,25 জুন:কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ডিব্ৰুগড়ত । এই কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে এগৰাকী ষাঠীৰ ঊৰ্ধৰ মহিলাৰ । ঘটনাৰ বিৱৰণী অনুসৰি, চহৰখনৰ চাউলউখোৱাৰ ঘৰবন্দীচুকত সংঘটিত হৈছে এই অঘটন । চৌপাশে অস্বাভাৱিকভাৱে বাঢ়ি অহা পানীৰ উমান নোপোৱাৰ ফলতে পুখুৰীত পৰি প্ৰাণ হেৰুৱাবলগীয়া হৈছে চৰিফা বেগম নামৰ মহিলা গৰাকীয়ে ৷

ডিব্ৰুগড়ত কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ

ইফালে ক্ৰমান্বয়ে কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে চহৰখনত ৷ চহৰখনৰ 22টা ৱাৰ্ডৰ অধিকাংশ অঞ্চলত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে জলপৃষ্ঠ ৷ দৰাচলতে নেৰানেপেৰা বৰষুণৰ বাবে সম্প্ৰতি পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনাই দেখা দিছে চহৰখনত ৷ বানৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসনে চহৰখনৰ কেইবাটাও মুখ্য পথ বন্ধ কৰি দিয়ে ।

উল্লেখ্য যে,2015 বৰ্ষত চহৰখনত দেখা গৈছিল একে পৰিৱেশ ৷ কিন্তু সেই পৰিস্থিতিৰ পৰা কোনো ধৰণৰ শিক্ষা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । প্ৰকৃততে পানী নিষ্কাষণৰ বাবে চহৰখনত থকা মুখ্য নলাৰ ওপৰত অবৈধ দখলৰ বাবে আজি এই পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি ধাৰণা কৰিছে সচেতন মহলে ৷ কিন্তু প্ৰশাসনে এই দখলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো এক ৰহস্যজনক বিষয়ৰূপে পৰিচিত হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে সদৰী কৰা তথ্য অনুসৰি,ৰাজ্যৰ পাঁচখন জিলাৰ 8টা ৰাজহ চক্ৰত সৰ্বাধিক বানে প্ৰভাৱিত কৰিছে ৷ আক্ৰান্ত জিলাকেইখন হৈছে-যোৰহাট,ধেমাজী,মাজুলী,শিৱসাগৰ আৰু ডিব্ৰুগড় ৷ বৃহস্পতিবাৰে বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, দিনৰ দুই বজালৈকে চহৰখনত বৃদ্ধি পাইছে জলস্তৰ ৷ বিপদসীমাৰ পৰা প্ৰায় 105.70 মিটাৰে তলেৰে পানীৰ সোঁত বৈছে যদিও বৰষুণ অব্যাহত থাকিলে এই সীমা বৃদ্ধি পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷

লগতে চাওকঃবক্সাৰ লাভলীনা বৰগোঁহাইলৈ "ধনশিৰি ৰত্ন বঁটা"

ABOUT THE AUTHOR

...view details