অসম

assam

ETV Bharat / city

Juri Borah Borgohain's Novel Sihont: অনন্য নাৰী অনন্য গ্ৰন্থ বঁটা - কৰ্কট বিশেষজ্ঞ গায়ত্ৰী গগৈ

জুৰি বৰা বৰগোহাঞিৰ ‘সিহঁত’ গ্ৰন্থই পাঠক সমাজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ‘সিহঁত’ৰ মূল কাহিনী বড়ো আন্দোলন(Bodo movement in Assam)ৰ পটভূমিত ৰচনা কৰা হৈছে ৷ উপন্যাসখনত নিৰ্যাতিতা নাৰীৰ হিয়াৰ কৰুণ বিননি, বড়ো আন্দোলনৰ ক’লা অধ্যায়, আন্দোলনৰ সময়ৰ এচাম অসাধু লম্পট চৰিত্ৰ লোকৰ অকথিত কাহিনী বৰ্ণনা কৰা হৈছে । এই গ্ৰন্থখনক ডিব্ৰুগড় জিলা মহিলা সমিতিয়ে প্ৰদান কৰে অনন্য নাৰী অনন্য গ্ৰন্থ বঁটা (Ananya nari ananya granth award to Juri Borah Borgohain's novel Sihont)৷

Juri Borah Borgohain's novel Sihont
জুৰি বৰা বৰগোহাঞিলৈ অনন্য নাৰী অনন্য গ্ৰন্থ বঁটা

By

Published : Dec 1, 2021, 7:54 PM IST

মৰাণ, 1 ডিচেম্বৰ :ডিব্ৰুগড় দ্বাদশ গ্ৰন্থমেলাৰ পঞ্চম দিনা ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিৰ "সিহঁত" উপন্যাসক ‘অনন্য নাৰী অনন্য গ্ৰন্থ বঁটা’(Ananya nari ananya granth award to Juri Borah Borgohain's novel Sihont)প্ৰদান কৰা হয় । ডিব্ৰুগড় জিলা মহিলা সমিতিয়ে বিশিষ্ট সাহিত্যিকগৰাকীক প্ৰদান কৰে এই বঁটা ৷ দীপালি শইকীয়াক প্ৰধান সম্পাদিকা আৰু কল্যাণী দেৱীৰ সভাপতিত্বত বিগত সময়চোৱাত ডিব্ৰুগড় জিলা মহিলা সমিতিয়ে বিভিন্ন ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা মহিলাক 'অনন্যা বঁটা' প্ৰদান কৰি সামাজিক দায়বদ্ধতা প্ৰকাশ কৰিছে । স্ত্ৰী শিক্ষা, মহিলা সৱলীকৰণৰ দৰে ধাৰণা প্ৰচাৰ আৰু প্ৰসাৰ হোৱাৰ বহু পূৰ্বে 1915 চনত ডিব্ৰুগড়ত জন্ম হৈছিল ডিব্ৰুগড় জিলা মহিলা সমিতি ।

হেমপ্ৰভা দাস আৰু কুন্তী ফুকনৰ প্ৰচেষ্টাৰ ফলত জন্মগ্ৰহণ কৰা এই অনুষ্ঠানটোৱে 2014 বৰ্ষত শতবর্ষ উদযাপন কৰি ইতিহাস ৰচনা কৰে । প্ৰতিষ্ঠা কালৰে পৰাই মহিলাৰ সৰ্বাংগীন উন্নয়ন আৰু সচেতনতা বৃদ্ধিৰ বাবে এই মহিলা সমিতিয়ে সমাজলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে । চন্দ্ৰপ্ৰভা শইকীয়ানীৰ মতে এইখনেই অসমৰ প্ৰথম মহিলা সমিতি যি স্বাধীনতাৰ পূৰ্বোত্তৰ কালৰ পৰাই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে স্বাধীনোত্তৰ কালতো চিলাই প্ৰশিক্ষণ, স্বাস্থ্য সজাগতা সভা, নাট প্ৰদর্শন, আলোচনা চক্ৰ অনুষ্ঠিত কৰি আহিছে । তদুপৰি সমিতিখনে প্ৰতিষ্ঠাৰে পৰা বিভিন্ন ক্ষেত্ৰৰ লোকক উৎসাহিত আৰু অনুপ্ৰাণিত কৰাৰ দৰে কাৰ্যগ্ৰহণ কৰি আহিছে ।

জুৰি বৰা বৰগোহাঞিলৈ অনন্য নাৰী অনন্য গ্ৰন্থ বঁটা

লগতে পঢ়ক :Sonowal Kachari Sahitya Sabha : সোণোৱাল কছাৰী সাহিত্য সভাত উপস্থিত সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড় জিলা মহিলা সমিতিয়ে দুবছৰ মূৰে মূৰে প্ৰদান কৰা এই বঁটা বিগত সময়চোৱাত প্ৰয়াত শান্তি গগৈ আৰু কৰ্কট বিশেষজ্ঞ গায়ত্ৰী গগৈক প্ৰদান কৰা হয় । 2021 বৰ্ষৰ এই বঁটা প্ৰদান কৰা হয় উপন্যাসিক জুৰী বৰা বৰগোহাঞিৰ 'সিহঁত'(Juri Borah Borgohain's novel Sihont) নামৰ উপন্যাসখনৰ বাবে । বড়ো আন্দোলন(Bodo movement in Assam)ৰ পটভূমিত ৰচিত এইখন উপন্যাসৰ কাহিনীৰ বিষয় হৈছে আন্দোলনৰ সময়ত সতীত্ব হেৰুওৱা দুগৰাকী মান মহিলাৰ অকথিত কাহিনী । জুৰী বৰা বৰগোহাঞিয়ে এতিয়ালৈকে 7খন উপন্যাস ৰচনা কৰিছে । প্ৰায়বোৰ উপন্যাসৰ কাহিনীৰ মাজেৰে অৱহেলিত আৰু নিষ্পেষিত জনৰ কাহিনী বৰ্ণনা কৰা হৈছে । তেওঁ প্ৰকৃতাৰ্থত মহিলাৰ সমস্যাৰ সৈতে পাঠকক পৰিচিত কৰাই দিয়ে ।

এগৰাকী সমাজকর্মী হিচাপে পৰিচিত জুৰী বৰা বৰগোহাঞি(Novelist Juri Borah Borgohain)য়ে বিভিন্ন সময়ত মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তা দিয়াৰ বাবে মাত মাতি আহিছে । জন্মসূত্ৰে মাজুলী আৰু বৰ্তমান ডিব্ৰুগড় নগৰৰ স্থায়ী বাসিন্দা জুৰী বৰা বৰগোহাঞি উপন্যাস সাহিত্যৰ লগতে গল্পকাৰ আৰু প্ৰৱন্ধকাৰ হিচাপেও পৰিচিত । ডিব্ৰুগড় গ্ৰন্থমেলা প্ৰাংগণত অনুষ্ঠিত সভাখনত অনুৰাধা দত্তৰ গ্ৰন্থ মণিদীপ আলোচনীৰ চুটিগল্প শীৰ্ষক গৱেষণা গ্ৰন্থখন জুৰী বৰা বৰগোহাঁঞিয়ে উন্মোচন কৰে । সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে বৰ্তমান ডিব্ৰুগড় জিলা মহিলা সমিতিৰ সম্পাদিকা দীপালি শইকীয়া আৰু সংগীতা শৰ্মাই । সভাত সভাপতিৰ দায়িত্ব পালন কৰে কল্যাণী দেৱীয়ে ।

লগতে পঢ়ক :প্ৰমোদ বড়োৱে উদ্বোধন কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নতুনকৈ সংযোজিত বড়ো বিভাগ

ABOUT THE AUTHOR

...view details