মৰাণ, 7 এপ্ৰিল: অৱশেষত মৃত্যুক আঁকোৱালি ল'লে আৰক্ষীৰ এনকাউন্টাৰত আহত সুৰজ গগৈ নামৰ যুৱকজনে (Police encounter victim died)। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা সুৰজ গগৈয়ে বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে । যোৱা ৪ মাৰ্চত আলফাৰ লিংকমেনৰ সন্দেহত আটক কৰা শিৱসাগৰ বেতবাৰীৰ সুৰজ গগৈক এনকাউন্টাৰ কৰিছিল সোণাৰি আৰক্ষীয়ে (Police shot suspected ulfa i linkman)।
শিৱসাগৰ জিলাৰ বেতবাৰীৰ সুৰজ গগৈ বাওঁ ভৰিত গুলীবিদ্ধ হৈ এমাহ ধৰি চিকিৎসাধীন হৈ আছিল ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত । ইফালে যুৱকজনৰ অস্ত্ৰোপচাৰো সফলতাৰে সম্পন্ন কৰা হৈছিল । ক্ৰমাৎ সুস্থ হৈ আহিছিল যুৱকজন । কিন্তু বুধবাৰে নিশা হঠাৎ প্ৰচণ্ড পেট, মূৰৰ বিষ,জ্বৰ হোৱাত প্ৰয়োজনীয় ঔষধো প্ৰদান কৰা হৈছিল ।
ইয়াৰ পিছতে অৱশ হৈ পৰে আৰু পিছতে মৃত্যুক আঁকোৱালি লয় যুৱকজনে । এই সংক্ৰান্তত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই মন্তব্য প্ৰদান কৰিছে । যুৱকজনৰ চিকিৎসা সন্দৰ্ভত বিস্তৃতভাৱে সংবাদ মাধ্যমক জনালে ডাঃ দিহিঙীয়াই ৷