অসম

assam

ETV Bharat / city

'কা' বিৰোধী আন্দোলনত কঁপিল নাহৰকটীয়া আৰু চাচনী - 'কা' বিৰোধী আন্দোলনত কঁপিল নাহৰকটীয়া আৰু চাচনী

যেতিয়ালৈকে চৰকাৰে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ বাতিল নকৰে তেতিয়ালৈকে জংগী আন্দোলন কৰি যাব বুলি চৰকাৰক সকিয়নী সদৌ অসম ছাত্ৰ সন্থাৰ ৷

AASU stages protest against CAA at Naharkatia
'কা' বিৰোধী আন্দোলনত কঁপিল নাহৰকটীয়া আৰু চাচনী

By

Published : Aug 13, 2020, 7:27 AM IST

নাহৰকটীয়া, 13 আগষ্টঃ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পৃথকে পৃথকে নাহৰকটীয়া আৰু চাচনীত নাগৰিকত্ব সংশোধনী আইন, ২০১৯ বাতিলৰ দাবীৰে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

'কা' বিৰোধী আন্দোলনত কঁপিল নাহৰকটীয়া আৰু চাচনী

প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা উক্ত দুয়োটা কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ মূৰ্দাবাদ, কা' অসমীয়াই নামানে, কা' আমি নামানো, বিজেপি চৰকাৰ মূৰ্দাবাদ, সৰ্বানন্দ সোণোৱালৰ কাম নাই, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

ইফালে প্ৰতিবাদস্থলীৰ পৰাই নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিতুপৰ্ণ গগৈয়ে কয় যে, যেতিয়ালৈকে এই জাতিধ্বংসী আইনখন বাতিল নহয় তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থায়ো ধাৰাবাহিকভাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি যাব ৷ খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰখনে খিলঞ্জীয়াৰ অস্তিত্বক বিপদাপন্ন কৰি বিদেশীক সুৰক্ষা দিব বিচাৰিছে । চৰকাৰৰ এই সিদ্ধান্তক ছাত্ৰ সন্থাই কোনো দিনেই বাস্তৱত ৰূপায়িত হ'বলৈ নিদিয়ে । যিকোনো মূল্যৰ বিনিময়ত ছাত্ৰ সন্থাই এই আইন বাতিল কৰিবই বুলি হুংকাৰ দিয়ে ।

লগতে পঢ়ক-বৃহস্পতিবাৰে ৰাজ্যজুৰি অধিবক্তাসকল এঘন্টীয়া ধৰ্মঘট

ABOUT THE AUTHOR

...view details