নাহৰকটীয়া, 8 আগষ্ট:উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো হৈছে নামৰূপ সাৰ কাৰখানা ৷ ষাঠিৰ দশকতে স্থাপিত এই সাৰকাৰখানাটো এতিয়া নগাঁও আৰু কাছাৰ কাগজ কলৰ দৰেই তিল তিল কৈ মৃত্যু মুখলৈ গতি কৰিছে ৷ সাৰ উদ্যোগটোৰ তিনিওটা উৎপাদন গোটৰ আয়ুস কাল ইতিমধ্যেই শেষ হোৱাত উৎপাদন ক্ষমতা হেৰুৱাই পেলোৱো সাৰ উদ্যোগটোত এতিয়া প্ৰয়োজন এটা চতুৰ্থ গোটৰ ৷ ২০০৬ চনতে তেতিয়াৰ কেন্দ্ৰীয় সাৰ আৰু ৰাসায়ন মন্ত্ৰী ৰাম বিলাস পাছোৱানে ৮০০ ৰ পৰা ৯০০ মেট্ৰিকটন উৎপাদন ক্ষমতাৰ চতুৰ্থ গোটৰ আধাৰশিলা স্থাপন কৰিছিল যদিও বিগত চৈধ্য বছৰে আগনাবাঢ়িল কোনো ধৰণৰ নিৰ্মাণকাৰ্য ৷ যাৰবাবে সাৰকাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ দাবীৰে পুনৰ প্ৰতিবাদ মুখৰ হৈ পৰে সাৰ নগৰী নামৰূপ ৷
কেৱল নিৰ্বাচনী বৈতৰণী পৰা কৰিবলৈ ভোটৰ লালসাতে নিৰ্বাচনৰ সময়ত নামৰূপ সাৰকাৰখানাত ৰাজনৈতিক দলৰ নেতা পালি-নেতাই ভিৰ কৰেহি বুলি অভিযোগ উত্থাপন কৰি নামৰূপ আছুৰ নেতৃত্বই শ্মশানত চৰকাৰৰ শৱদাহ আৰু মুণ্ডণ কাৰ্যসূচী ৰূপায়নেৰে শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে, নিৰ্বাচন আহিলেই চৰকাৰৰ বিভিন্ন নেতা মন্ত্ৰীয়ে উদ্যোগটি পৰিভ্ৰমণ কৰি নিৰ্বাচনমূখী বক্তব্যৰে উদ্যোগৰ লগত জড়িত লোক সকলক টোপ দিবলৈ আৰম্ভ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও প্ৰথমবাৰ শাসনভাৰ লৈয়ে তেওঁৰ 100 দিনীয়া কাৰ্যক্ৰমণিকাত সাৰকাৰখানাৰ চতুৰ্থ গোট অন্তৰ্ভুক্ত কৰিছিল যদিও সেয়াও ফুটুকাৰ ফেনলৈ পৰিণত হ’ল ৷
বৰ্তমান সময়ত নামৰূপ সাৰকাৰখানাৰ দ্বিতীয় গোটত দুৰ্ঘটনা সংঘটিত হৈ পুঁজিৰ অভাৱত মেৰামতি কৰিব নোৱাৰাৰ বাবে বন্ধ হৈ থকাৰ বিপৰীতে তৃতীয় গোটটো চাট ডাউনৰ বাবে স্তব্ধ হৈ আছে ৷ সাৰকাৰখানাৰ এই সমস্যাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ কৃষকসকল বৰ্তমান খেতিৰ সময়ত গভীৰ সমস্যাত ভুগিব লগা হৈছে ৷