অসম

assam

ETV Bharat / city

AASU on National Highways: ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে দহদিনৰ সীমা বান্ধি দিলে আছুৱে - চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সম্পাদক অনুপ জ্যোতি ভূঞা

উজনি অসমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁতসমূহে জীয়াতু ভোগাইছে ৰাইজক । গৰু গাড়ী এখন চলাবলৈও চিন্তা কৰিব লগাৰ দৰে পৰিস্থিতি সৃষ্টি হৈছে উজনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত । যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে পথছোৱা ইমানেই জৰাজীৰ্ণ হৈ পৰিছে যে ৰাষ্ট্ৰীয় ঘাইপথ নে গ্ৰাম্যাঞ্চলৰ পথ ধৰিবই নোৱাৰি । যাৰ বাবে শনিবাৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই এক সংবাদমেল যোগে চৰকাৰক পথচোৱা নিৰ্মাণৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে ৷

AASU press meet at Moran
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ বাবে দহদিনৰ সীমা বান্ধি দিলে আছুৱে

By

Published : Jul 30, 2022, 9:08 PM IST

মৰাণ, 30 জুলাই: উজনি অসমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা পুখুৰী সদৃশ দ দ গাঁতে শংকিত কৰি তুলিছে সৰ্বসাধাৰণ জনতাক । এই গাঁতসমূহৰে পাৰ হৈ যোৱাটো এক প্ৰকাৰ ভয়ৰ কাৰণ হৈ পৰিছে যান-বাহনৰ চালকৰ বাবে । যাৰ বাবে অৱশেষত শনিবাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ(National Highway 37) নিৰ্মাণৰ বাবে দহদিনৰ সীমা বান্ধি দিয়ে সদৌ অসম ছাত্ৰ সন্থাই । সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণহাট গড়কাপ্তানী পৰিদৰ্শন ভৱনত অনুষ্ঠিত এই সংবাদমেলত আছুৰ নেতৃত্বই ঘোষণা কৰে এই কথা(AASU press meet at Moran) ।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে দহদিনৰ সীমা বান্ধি দিলে আছুৱে

চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সম্পাদক অনুপ জ্যোতি ভূঞাই আৰু ডিব্ৰুগড়ত জিলা ছাত্ৰ সন্থাৰ সম্পাদক অৱনী গগৈয়ে সংবাদমেলখন সম্বোধন কৰি ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম(NHIDCL) আৰু ৰাষ্ট্ৰীয় পথ নিৰ্মাণ সংস্থাৰ অমনোযোগিতাৰ বাবে ৰাইজে সমস্যাত পৰিব লগা হৈছে বুলি উল্লেখ কৰে । নেতাদ্বয়ে দহ দিনৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম(National Highways Development Project) সম্পূৰ্ণ নকৰিলে গড়কাপ্তানি বিভাগৰ লগতে ৰাজ্যৰ মন্ত্ৰী-সাংসদসকল তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বুলি চৰকাৰক সকীয়াই দিয়ে ।

নেতাদ্বয়ে অতি শীঘ্ৰেই নিৰ্মাণৰত অৱস্থাত থকা চাৰিলাইনযুক্ত পথৰ কাম সম্পূৰ্ণ কৰাৰ লগতে ডিমৌৰ পৰা তিলৈলৈকে মৰাণৰ মাজেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা নিৰ্মাণ কৰাৰ দাবী তোলে । তেওঁলোকে লগতে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমে ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণৰ নামত কেৱল কমিছন সংগ্ৰহত ব্যস্ত থকা বুলি অভিযোগ কৰে ৷ তেওঁলোকে ডিব্ৰুগড়ৰ শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এখন অতি গুৰুত্বপূৰ্ণ জিলা হোৱাৰ পাছতো ডিব্ৰুগড়লৈ অহা জৰাজীৰ্ণ পথে আচলতে চৰকাৰৰ উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দিছে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক :Press conference of Nagaon DC: নতুন ভোটাৰে লাভ কৰিব সুবিধা

ABOUT THE AUTHOR

...view details