ডিব্ৰুগড়, 13 জুন :বাঘজানৰ তৈলখাদত অগ্নি নিৰ্বাপণ কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱতি লোৱা অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী তথা সুদক্ষ ফুটবল খেলুৱৈ দুৰ্লভ গগৈৰ নামৰূপস্থিত বাসগৃহত উপস্থিত হয় আছুৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈ । দুৰ্লভ গগৈৰ বাসগৃহত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক্ষুৰধাৰ সমালোচনা কৰে লুৰিনে ৷
চিকিৎসালয়ৰ পৰা ৰোগীক বিদায় দিবলৈ বিলাসী উৰাজাহাজত ঘুৰা মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসকলে অসমৰ ইমুৰৰ পৰা সিমুৰ ঘুৰি আছে যদিও এতিয়ালৈকে বাঘজান পৰিদৰ্শন কৰিবলৈ সময় পোৱা নাই ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ এটা ব্য়ক্তিগত টেলিভিশ্বন চেনেলৰ এখন ধাৰাবাহিকৰ কৰ্ম-কুশলীৰ সৈতে শনিবাৰে আলোচনাত মিলিত হয় কিন্তু বাঘজান কাণ্ডৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি সেইস্থানত উপস্থিত হ'বলৈ সময় হোৱা নাই তেওঁৰ ৷ এইক্ষেত্ৰত মুখ্য়মন্ত্ৰীগৰাকীক সমালোচনা কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে ৷ অসমৰ ৰাইজৰ প্ৰতি এইখন চৰকাৰৰ দায়ৱদ্ধতা নাই, তেওঁলোকৰ লক্ষ্য হৈছে 21ৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ কামত ব্যস্ত থকা অসম চৰকাৰৰ মন্ত্ৰীসকলকে ধৰি মুখ্য়মন্ত্ৰীয়ে বিদেশী বিশেষজ্ঞৰ দ্বাৰাও তৈলখাদৰ জুই নিৰ্বাপন কৰিব নোৱাৰাটোৱে তেওঁলোকৰ ব্যৰ্থতাকে প্ৰকাশ কৰিছে বুলি কয় লুৰিনে ৷
লুৰিনজ্য়োতিয়ে প্ৰকাশ কৰা অনুসৰি, অইল ইণ্ডিয়া লিমিটেডে চক্ৰান্ত কৰিয়ে এই ঘটনা সংঘটিত কৰিছে ৷ ইয়াৰ পূৰ্বেও অইল ইণ্ডিয়াই ধনৰ লেনদেন কৰি বহু তৈলখাদ ব্যক্তিগত খণ্ডক বিক্ৰী কৰিছে আৰু বাঘজানৰ ক্ষেত্ৰটো একেই চক্ৰান্ত ৰচনা কৰি তৈলখাদটোক মৃত ঘোষণা কৰি ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰিবলৈ এই ঘটনা সংঘটিত কৰিব পাৰে বুলি প্ৰকাশ কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷