মৰাণ, 27 জানুৱাৰী :নামৰূপ সাৰ কাৰখানাৰ(Brahmaputra Valley Fertiliser Corporation Limited) দ্বিতীয় আৰু তৃতীয় গোট শীঘ্ৰে মেৰামতি কৰাৰ লগতে ৰাসায়নিক সাৰৰ কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত বুধবাৰে অনশন কাৰ্যসূচী ৰূপায়ন কৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা(AASU stage strike at BVFCL Namrup)ই । সাৰ কাৰখানাৰ দ্বিতীয় আৰু তৃতীয় গোটটো মেৰামতি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ১০০ কোটি টকাৰ পেকেজ প্ৰদান কৰিছিল ৷
কিন্তু ইয়াৰ পাছতো সাৰ কাৰখানাটোৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকগৰাকীয়ে অতি কৌশলেৰে দ্বিতীয় গোটটো বন্ধ কৰিবলৈ পৰিকল্পনা কৰাত ক্ষোভিত হৈ পৰিছে আছুৰ লগতে নামৰূপৰ দল সংগঠনসমূহ । ইফালে আওপুৰণি তৃতীয় গোটটোৱে বৰ্তমান দৈনিক ৫০০ ৰ পৰা ৬০০ মেট্ৰিক টন সাৰ উৎপাদন কৰি আছে যদিও কেনেবাকৈ দ্বিতীয় গোটটো বন্ধ হৈ পৰিলে ইয়াৰ প্ৰভাৱ তৃতীয় গোটটো পৰিব বুলি সন্দেহ প্ৰকাশ কৰিছে সাৰ কাৰখানাটোত কৰ্মৰত বিষয়া কৰ্মচাৰীসকলে ।
একেদৰে সাৰ কাৰখানাটোত চলি থকা সাৰৰ কেলেংকাৰী সঠিক ৰূপত তদন্ত নকৰাত উদ্যোগটোৰ শীৰ্ষ বিষয়াসকলৰ বিৰুদ্ধে ক্ষোভ উজাৰে আছুৰ নেতৃবৃন্দই ।