মৰাণ, 2 জুলাই:খোৱাঙত শনিবাৰে সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ আইতাকৰ পিণ্ড দিবলৈ আহি ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌ নদীত এজন কিশোৰ সন্ধানহীন ৷ সন্ধানহীন হোৱা কিশোৰ জন চাবুৱাৰ মেৰেলী পথাৰৰ অনিকেশ সিং (১৬) (A Teenager boy drowned in Dimau river at Moran) ।
জানিব পৰা মতে, পিতৃ দিপো সিং আৰু মাতৃ পূজা দেৱী সিঙৰ পুত্ৰ অনিকেশে শনিবাৰে খোৱাঙৰ আঠাবাৰীত মৃত আইতাকৰ শ্ৰাদ্ধলৈ আহিছিল । ধৰ্মীয় নিয়ম অনুসৰি ওচৰতে থকা ডিমৌ নদীত আইতাকৰ পিণ্ড দি গা ধুবলৈ লওঁতেই নদীৰ বুকুত সন্ধানহীন হয় কিশোৰজন ।