মৰাণ, 28 অক্টোবৰ :চাবুৱা নগৰৰ মাজমজিয়াস্থিত ঐতিহ্যমণ্ডিত অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন সহকাৰী শিক্ষক আক্ৰান্ত হৈছে ক’ভিডত ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ বিদ্যালয়খনতে সৃষ্টি হৈছে এতিয়া এক আতংকময় পৰিৱেশৰ । এক অনাকাংক্ষিত পৰিৱেশৰ বাবে চিন্তিত হৈ পৰিছে বিদ্যালয়খনত অধ্যয়ন কৰি থকা কণ কণ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকল ৷
ক’ভিডত আক্ৰান্ত সহকাৰী শিক্ষকগৰাকী 25 অক্টোবৰৰ পৰা ছুটীত আছিল ৷ প্ৰথম অৱস্থাত শিক্ষকজনক চাবুৱাৰ টাটা ৰেফাৰেলত চিকিৎসাধীন হৈ আছিল যদিও পৰীক্ষাত ক’ভিডত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পাছতে শিক্ষকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ সহকাৰী শিক্ষকগৰাকীৰ লগতে তেওঁৰ পত্নীৰ দেহতো ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷ যাৰবাবে তেওঁৰ পত্নীকো অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় ৷