মৰাণ, 24 এপ্ৰিল : অসমৰ অন্যান্য জন-জাতি সকলৰ ভিতৰত অন্যতম জনজাতি হ'ল সোণোৱাল কছাৰীসকল । ক'ভিড-19ৰ ভয়-সংশয়ৰ মাজতে পৰম্পৰাগত নীতি-নিয়মৰ মাজেৰে ডিব্ৰুগড় জিলাৰ খোৱাং নাহৰণি গাঁৱৰ সোণোৱাল কছাৰীসকলে ঘৰে ঘৰে মাৰিছে হাইদাং হুঁচৰি ।
গাঁৱৰ ৰাইজে হুঁচৰি গায় গৃহস্থক অপায়-অমংগলৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আশীৰ্বাদ প্ৰদান কৰা দেখা যায় । সোণোৱাল কছাৰীসকলে অতীজৰে পৰা পৰম্পৰা অনুসৰি এই হাইদাং হুঁচৰি গায় আহিছে ৷