অসম

assam

ETV Bharat / city

মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ত আছুৰ উত্তাল প্ৰতিবাদ - কৃষি আইন

'কা' আৰু 'কৃষি আইন' বাতিলৰ দাবীত শনিবাৰে ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাই গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ এই প্ৰতিবাদী কাৰ্য্যসূচীত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে আছুৰ কৰ্মী সকলে ।

Protest at CM's home town Dibrugarh by AASU
মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ত আছুৰ উত্তাল প্ৰতিবাদ

By

Published : Jan 23, 2021, 7:36 PM IST

মৰাণ, 23 জানুবাৰী:ৰাজ্যত পুনৰ নাগৰিকত্ব সংশোধনী আইন 2019 বিৰোধী আন্দোলনে গা কৰি উঠিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত দিন কেইটাত 'কা' আৰু 'কৃষি আইন' বাতিলৰ দাবীত বিভিন্ন ধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷

সমান্তৰালকৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ বিৰুদ্ধে ডিব্ৰুগড়তো আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ সদস্য সকলে ৷ শিৱসাগৰৰ জেৰেঙা পথাৰত মোদীৰ আগমনৰ পাছতেই মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ত ক'লা কাপোৰ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ত আছুৰ উত্তাল প্ৰতিবাদ

ইফালে শুকুৰবাৰে সন্ধিয়া ডিব্ৰুগড়ত আছুৰ নেতৃত্বত হোৱা জোঁৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰাত কঠোৰ ভাষাৰে সমালোচনা কৰে আৰক্ষী তথা প্ৰশাসনক । সোণোৱাল চৰকাৰে যিমান বাধা দিলেও জাতি ৰক্ষাৰ বাবে সংগ্ৰাম কৰি যাব বুলি মন্তব্য কৰে ৷ লগতে পুনৰ মিছা প্ৰতিশ্ৰুতিৰে জেৰেঙা পথাৰক কলিমা সানিব আহিছে বুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ কটাক্ষ কৰে প্ৰতিবাদকাৰী সকলে । অসমৰ ৰাইজক পূৰ্বেই দিয়া প্ৰতিশ্ৰুতিবোৰ আগতে পূৰণ কৰক মোদী, সৰ্বানন্দ সোণোৱাল চৰকাৰে ৷ নহ'লে আগন্তুক বিধান সভা নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে আছুৰ নেতা সকলে ।

প্ৰতিবাদৰ ফলস্বৰূপে যোৰহাট, তেজপুৰ, লখিমপুৰ আদিকে ধৰি কেইবাখনো জিলাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰী আৰু প্ৰশাসনৰ মাজত সংঘাট সৃষ্টি হোৱাও দেখা পোৱা গৈছে ৷ প্ৰশাসনে প্ৰতিবাদ, সমদল আদিৰ ক্ষেত্ৰত ধাৰা 144 জাৰি কৰিছে যদিও কা' বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কৰি যাব বুলি মন্তব্য কৰে আছুৱে ৷

লগতে পঢ়ক-তেজপুৰত ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ABOUT THE AUTHOR

...view details