মৰাণ, 3 নৱেম্বৰ :অসমীয়া সংস্কৃতিৰ অনবদ্য উপাদান হ'ল ভাওনা সংস্কৃতি । গুৰুজনাই লিখি থৈ যোৱা এই সংস্কৃতিৰ দ্বাৰা জনসমাজত আধ্যাত্মিকতাৰ প্ৰতিফলন ঘটে । ভাওনা,ৰাস আদিৰ অনবদ্য অংগ হ'ল মুখা । এই মুখাৰ দ্বাৰা ভাওনাসমূহত নৰসিংহ, বৰাহ আদিৰ চৰিত্ৰ সমূহৰ ৰূপ দিয়া হয় । এনেধৰণৰ আপুৰুগীয়া সংস্কৃতিৰ লগত ডিব্ৰুগড় খোৱাং ভগামুৰৰ বেনিমাধৱ বৰাই 1990 চনৰ পৰাই জড়িত হৈ আজিও সেই কাম অক্ষুন্ন ৰাখিছে । বেনিমাধৱ বৰাৰ মুখা আৰু বেতশিল্পই সমগ্ৰ ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম মুখাশিল্পী বেনিমাধৱ বৰা - মুখাশিল্পী বেনিমাধৱ বৰা
চৰকাৰী সকলো আঁচনিৰ পৰা বঞ্চিত ডিব্ৰুগড়ৰ বিশেষভাৱে সক্ষম মুখাশিল্পী বেনিমাধৱ বৰা ৷ বেনিমাধৱ বৰাৰ মুখা আৰু বেতশিল্পই সমগ্ৰ ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷
যিসময়ত চৰকাৰে দিব্যাংগসকলৰ বাবে বিভিন্ন আচঁনি ঘোষণা কৰি ফুলজাৰি মৰা দেখা যায় কিন্তু তেনে সময়তো বেনিমাধৱ বৰাৰ দৰে অভিজ্ঞতাসম্পন্ন বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ ওপৰত চৰকাৰ তথা জনপ্ৰতিনিধিৰ চকু নপৰিল । মুখাশিল্পী জনৰ দুয়োখন ভৰিয়ে অকামিলা । বিশেষভাৱে সক্ষম বেনিমাধৱ বৰাই আজিও পৰিয়াল পোহপাল দিবলগীয়া হৈছে চাইকেল মেৰামতি কৰি । এনে ব্যক্তিসকলৰ বাবে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ।
লগতে পঢ়ক :দহখন ৰাজ্যৰ 54টা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন
TAGGED:
মুখাশিল্পী বেনিমাধৱ বৰা