অসম

assam

By

Published : May 23, 2021, 5:33 PM IST

ETV Bharat / city

ডিব্ৰুগড়ত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ডিব্ৰুগড় জিলাৰ নতুন নিৰ্মালী গাঁৱৰ পৰা বৃহৎ সংখ্যক হেৰ’ইনসহ নগদ ৯৩ হেজাৰ টকা জব্দ ৷ আটক অনন্ত গগৈ নামৰ এজন ব্যৱসায়ী ৷ নগদ ৯৩ হেজাৰ টকাসহ উদ্ধাৰ 58 গ্ৰাম হেৰ’ইন

ডিব্ৰুগড়ত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৷ গ্ৰেপ্তাৰ এজন ৷
ডিব্ৰুগড়ত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৷ গ্ৰেপ্তাৰ এজন ৷

ডিব্ৰুগড়, 23 মে' : ডিব্ৰুগড় আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । ডিব্ৰুগড় জিলাৰ নতুন নিৰ্মালী গাঁৱৰ পৰা বৃহৎ সংখ্যক হেৰ’ইনসহ নগদ ৯৩ হেজাৰ টকা জব্দ কৰাৰ লগতে অনন্ত গগৈ নামৰ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । নতুন আৰক্ষী অধীক্ষক শ্বেতাং মিশ্ৰই ডিব্ৰুগড়ৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই ডিব্ৰুগড়ৰ ড্ৰাগছ, ব্ৰাউন ছুগাৰ, হেৰ'ইনৰ কুখ্যাত ক'লা বজাৰখনৰ ঘাটি এটাৰ পাছত এটাকৈ ওলাই পৰিছে ।

দুদিন পূৰ্বে ডিব্ৰুগড়ৰ লাহোৱালৰ পৰা নিষিদ্ধ ব্ৰাউন ছুগাৰ, হেৰ'ইনসহ এজনক গ্ৰেপ্তাৰ কৰাৰ পাছতে দেওবাৰে ডিব্ৰুগড় নতুন নিৰ্মালী গাঁৱৰ এটা ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে অনন্ত গগৈ আৰু তেওঁৰ দুয়োগৰাকীকৈ পত্নীক লগত লৈ দুটাকৈ বাসগৃহত তালাচী চলাই উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ হেৰ’ইন । প্ৰায় 500 টাকৈ সৰু সৰু বটলত ভৰাই থোৱা অৱস্থাত জব্দ কৰে ৫৮ গ্ৰাম হেৰ’ইনৰ লগতে ৯৩ হাজাৰ নগদ টকা ।

ডিব্ৰুগড়ত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৷ গ্ৰেপ্তাৰ এজন ৷

ডিব্ৰুগড় উপ-আৰক্ষী অধীক্ষক অনুপ জ্যোতি বৰা, সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ শইকীয়া, নগৰ আৰক্ষী পৰিদৰ্শক অৰ্জুন সিং, যান-বাহন আৰক্ষী পৰিদৰ্শক দ্বীপজ্যোতি দাধৰা, আমোলাপট্টী আৰক্ষী পৰিদৰ্শক, গাভৰুপথাৰ আৰক্ষী পৰিদৰ্শক, সহ এটা বৃহৎ দলে এই অভিযান চলায় ৷

পূৰ্বে ডিব্ৰুগড়ৰ কালিবাড়ী অঞ্চলত নিষিদ্ধ ড্ৰাগছৰ সাম্ৰাজ্য ৰূপে গঢ়ি সমগ্ৰ উজনি অসম তথা চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু অৰুণাচললৈ সৰবৰাহ কৰি আহিছিল যদিও বৰ্তমান ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত গড়ি উঠিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । উল্লেখ যে, ধৃত অনন্ত গগৈ পূৰ্বেও জালিয়তিৰ গোচৰত অভিযুক্ত আছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক :যুৱকক চৰ মাৰি অৱশেষত ক্ষমা বিচাৰিলে উপায়ুক্তই

ABOUT THE AUTHOR

...view details