অসম

assam

ETV Bharat / city

চৰাইদেউৰ বৰহাটত ভুৱা বিদ্যুৎ মাছুল সংগ্ৰহকাৰী আটক

চৰাইদেউৰ বৰহাটত ভুৱা বিদ্যুৎ মাছুল সংগ্ৰহকাৰী আটক ৷ প্ৰৱঞ্চক নাহৰকটীয়া চাচনী আমগুৰীৰ দুৰ্লভ খনিকৰ বুলি জানিব পৰা গৈছে ৷ বৰহাটৰ দুজন ব্যক্তিৰ পৰা ২৭০০ আৰু ২৫০০ টকা সৰকাই নিয়াৰ অভিযোগ প্ৰৱঞ্চকটেোৰ বিৰুদ্ধে ৷

a fraud arreste in choraideu taking fake electricty bill
চৰাইদেউৰ বৰহাটত ভুৱা বিদ্যুৎ মাছুল সংগ্ৰহকাৰী আটক

By

Published : Jun 22, 2021, 10:29 PM IST

মৰাণ, 22 জুন :এইবাৰ ৰাজ্যত বিদ্যুৎ বিভাগৰ নামত ভুৱা মাছুল সংগ্ৰহকাৰী এজন যুৱকক ৰাইজে আটক কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ ঐতিসাহিক চৰাইদেউ জিলাৰ বৰহাটত বিদ্যুৎ বিভাগৰ নামত ভূৱা মাছুল সংগ্ৰহকাৰী এজন যুৱকক ৰাইজে আটক কৰি বৰহাট আৰক্ষীক চমজাই দিয়ে ৷ জানিব পৰা মতে, যুৱকজন ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া থানাৰ অধীনস্থ চাচনী আমগুৰিৰ বাসিন্দা দুৰ্লভ খনিকৰ ৷

চৰাইদেউৰ বৰহাটত ভুৱা বিদ্যুৎ মাছুল সংগ্ৰহকাৰী আটক

এই প্ৰৱঞ্চকে পূৰ্বতেও ডিব্ৰুগড় জিলাৰ জয়পুৰ, নামৰূপ আদি বিভিন্ন অঞ্চলৰপৰা এইদৰে প্ৰৱঞ্চনাৰে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত জয়পুৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছে ৷ প্ৰৱঞ্চকটোৱে যোৱা ১৮ জুন তাৰিখে বৰহাটৰ ডাঙৰীকুমাৰ অঞ্চলৰ পৰা তুল প্ৰসাদ শৰ্মা আৰু সোনাধৰ দাস নামৰ লোক দুজনৰ পৰা ক্ৰমে ২৭০০ আৰু ২৫০০ টকা সৰকাই নিছিল বুলি জানিব পৰা গৈছে ৷ মঙলবাৰে পুনৰ একেধৰণৰ কৌশল অৱলম্বন কৰাৰ সময়ত অঞ্চলটোৰ একাংশ সচেতন যুৱকৰ তৎপৰতাত ৰাইজে প্ৰৱঞ্চকটোক আটক কৰি বৰহাট আৰক্ষী থানাত চমজাই দিয়ে ৷ ইতিমধ্যে বৰহাট আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, বিমল বৰা (Bimal Bora)ই শক্তি বিভাগৰ দায়িত্ব লৈয়েই শক্তি বিভাগটোক শক্তিশালী আৰু বিভাগটোৰ বিভিন্ন পৰ্যায়ত থকা বেমেজালী দুৰ কৰাৰ বাবে যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷ আনকি বিদ্যুৎ চুৰি কাৰ্যৰ সৈতে জড়িত লোক সকললৈ সতৰ্কবাণী কৰিছে শক্তি মন্ত্ৰী বিমল বৰাৰ । আগন্তুক দিনত বিদ্যুৎ চুৰি কাৰ্য কঠোৰ হাতেৰে দমন কৰা হ'ব । এইক্ষেত্ৰত বিদ্যুৎ বিভাগক কঠোৰ নিৰ্দেশ জাৰি কৰিছে মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক :মায়ঙত চুৰি ই-ৰিক্সা উদ্ধাৰ

ABOUT THE AUTHOR

...view details