অসম

assam

ETV Bharat / city

পলিঅ' প্ৰতিষেধক লোৱাৰ পিছতে এটি শিশুৰ মৃত্যুৰ অভিযোগ - মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

পলিঅ' প্ৰতিষেধক লৈ এটি শিশুৰ মৃত্যুৰ অভিযোগ ৷ ইয়াক লৈ মৰাণ ৰাজ্যিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ৷ ৰাইজে ঘেৰাও কৰিলে চিকিৎসালয় ৷

পলিঅ' প্ৰতিষেধক লোৱাৰ পিছতে এটি শিশুৰ মৃত্যুৰ অভিযোগ
পলিঅ' প্ৰতিষেধক লোৱাৰ পিছতে এটি শিশুৰ মৃত্যুৰ অভিযোগ

By

Published : Mar 20, 2021, 10:25 AM IST

মৰাণ,20 মাৰ্চঃ পলিঅ' প্ৰতিষেধক লৈ এটি শিশুৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি শনিবাৰে মৰাণ ৰাজ্যিক চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । শতাধিক ৰাইজে ঘেৰাও কৰে ৰাজ্যিক চিকিৎসালয়খন । প্ৰাপ্ত অভিযোগ অনুসৰি যোৱা ১৭ মাৰ্চত মৰাণ হাটখোলা গাঁৱৰ ৰাজু দেৱ নাথৰ দুমহীয়া পুত্ৰ প্ৰিয়াংশু দেৱনাথক মাতৃ প্ৰাৰ্থনা দেৱ নাথে পলিঅ' প্ৰতিষেধক দিয়াবলৈ মৰাণ ৰাজ্যিক চিকিৎসালয়লৈ আনিছিল । চিকিৎসকৰ অনুমতি অনুসৰি এগৰাকী নাৰ্চে শিশুটিক পলিঅ' ভেকচিন প্ৰদান কৰে ।

পলিঅ' প্ৰতিষেধক লোৱাৰ পিছতে এটি শিশুৰ মৃত্যুৰ অভিযোগ

ইয়াৰ পিছতে শুকুৰবাৰে নিশা প্ৰায় ১০.৩০ বজাত শিশুটিৰ মুখেৰে লালটি, তেজ আদি ওলাবলৈ আৰম্ভ কৰে আৰু শনিবাৰে পুৱতি নিশা প্ৰায় ৪ মান বজাত শিশুটিৰ মৃত্যু হয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । শিশুটিৰ মৃত্যু খবৰ অঞ্চলটোত বিয়পি পৰাত মৃত শিশুটিকলৈ স্থানীয় ৰাইজে চিকিৎসালয়ৰ চিকিৎসকক শিশুটিৰ মৃত্যুৰ কাৰণ জানিব বিচাৰে । কিন্তু চিকিৎসকৰ পৰা এই ক্ষেত্ৰত কোনো উত্তৰ নোপোৱাৰ লগতে বেয়া ব্যৱহাৰ পোৱাৰ অভিযোগ কৰি ৰাইজে চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে । ঘটনাস্থলীত ততাতৈয়াকৈ মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লুকুমণি বড়া উপস্থিত হৈ ঘটনাৰ উচিত তদন্তৰ আশ্বাস দিয়াত পৰিস্থিতি কিছু শান্ত হয় । ইফালে ভুক্তভোগী পৰিয়ালটিয়ে চিকিৎসকৰ ওপৰত অকনো বিশ্বাস নাই বুলি উল্লেখ কৰি মৃত শিশুটিৰ মৰণোত্তৰ পৰীক্ষা নকৰাই বুলি স্পষ্ট কৰি দিয়াৰ লগতে ভুল চিকিৎসাৰ অভিযোগ তুলি মৰাণ আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছে । অন্যহাতে মৰাণ ৰাজ্যিক চিকিৎসালয়ত পলিঅ' প্ৰতিষেধক লৈ অন্য আৰু তিনিটা শিশুৰ স্বাস্থ্য অৱনতি ঘটা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃশিৱসাগৰত অখিল গগৈৰ হৈ মহেন্দ্ৰ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details