ডিব্ৰুগড় , 25 এপ্ৰিল :দেওবাৰে ডিব্ৰুগড় জিলাৰ কানৈ মহাবিদ্যালয়ৰ "শংকৰদেৱ" প্ৰেক্ষাগৃহত ক’ভিড-19 ৰ চৰকাৰী নীতি নিৰ্দেশনাৰ মাজেৰে "সামাজিক উত্তৰণৰ একাঁজলী চিন্তা" নামৰ প্ৰৱন্ধ সংকলনৰ উন্মোচন হয় ।
ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দুৰ্লভ চেতিয়াৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখনি উন্মোচন কৰে কানৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক আৰু অসমৰ প্ৰগতিশীল চিন্তাধাৰাৰ নাট্যকাৰ মুনিন শৰ্মাই ।