মৰাণ, 28 ফেব্ৰুৱাৰী : নিজম পৰিলশ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যাক বাৰ্ষিক অধিৱেশনস্থলী (Sankardev Sangha Adhiveshan at Naharkatia) ৷ বিদায়ী বেলিকাত উচুপি উঠিল উদযাপন সমিতি ৷ অশ্ৰু সিক্ত নয়নেৰে বিদায় জনালে ভকত বৈষ্ণৱসকলক ৷ উল্লেখ্য যে শুকুৰবাৰে আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যাক বাৰ্ষিক অধিৱেশনৰ দেওবাৰে সফল সমাপ্তি ঘটে ।
এই বিগত তিনিদিন ধৰি হৰি নামেৰে মুখৰিত হৈ আছিল নাহৰকটীয়াৰ ৰাঙলী-কলীয়াপানী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ ৷ বিদায়ী পৰ্বত আবেগিক হৈ ডিব্ৰুগড় জিলাৰ আই মাতৃ সকলে হৰি নাম গাই বিদায় দিলে ভকত বৈষ্ণৱ সকলক । বিদায় পৰ্বত ইজনে সিজনক সাৱতি চকুপানী টুকা দৃশ্যই এক আৱেগিক পৰিৱেশে বিৰাজ কৰিলে অধিৱেশনস্থলী ।