অসম

assam

নাহৰকটীয়াত ৭৭৪ পৰিয়ালে লাভ কৰিলে ভূমি পট্টা

By

Published : Jan 31, 2021, 6:08 PM IST

ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কাৰ্যসূচীৰ অধীনত যোৱা দুটা দিনত ৭৭৪ টা পৰিয়ালৰ মাজত আৱণ্টন পত্ৰ বিতৰণ কৰা হয় । ইয়াৰে নাহৰকটীয়া ৰাজহ চক্ৰৰ চাঁচনি মৌজাৰ অন্তৰ্গত ৪২৭ টা পৰিয়ালক আৱণ্টন পত্ৰ আৰু জয়পুৰ আৰু ফাকিয়াল মৌজাৰ অধীনৰ ৩৪৭ টা পৰিয়ালৰ মাজত আৱণ্টন পত্ৰ বিতৰণ কৰা হয় ।

নাহৰকটীয়াত ৭৭৪ পৰিয়ালে লাভ কৰিলে ভূমি পট্টা
নাহৰকটীয়াত ৭৭৪ পৰিয়ালে লাভ কৰিলে ভূমি পট্টা

মৰাণ, ৩১ জানুৱাৰী: জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ স্বাৰ্থত অসম চৰকাৰে ৰাজ্যৰ খিলঞ্জীয়া ভূমিহীন পৰিয়াললৈ ভূমি পট্টা প্ৰদানৰ পদক্ষেপ গ্ৰহন কৰে । তাৰ প্ৰতি দৃষ্টি ৰাখি শনিবাৰে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া ৰাজহ চক্ৰৰ অধীনৰ ভূমিহীন পৰিয়ালসমূহলৈ ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

নাহৰকটীয়াত ৭৭৪ পৰিয়ালে লাভ কৰিলে ভূমি পট্টা

ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কাৰ্যসূচীৰ অধীনত যোৱা দুটা দিনত ৭৭৪ টা পৰিয়ালৰ মাজত আৱণ্টন পত্ৰ বিতৰণ কৰা হয় । ইয়াৰে নাহৰকটীয়া ৰাজহ চক্ৰৰ চাঁচনি মৌজাৰ অন্তৰ্গত ৪২৭ টা পৰিয়ালক আৱণ্টন পত্ৰ আৰু জয়পুৰ আৰু ফাকিয়াল মৌজাৰ অধীনৰ ৩৪৭ টা পৰিয়ালৰ মাজত আৱণ্টন পত্ৰ বিতৰণ কৰা হয় ।

নাহৰকটীয়াত ৭৭৪ পৰিয়ালে লাভ কৰিলে ভূমি পট্টা

আৱণ্টন পত্ৰ বিতৰণৰ দুয়োটা কাৰ্যসূচীতে নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক নৰেন সোণোৱাল আৰু নাহৰকটীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰী উপস্থিত থাকে । উল্লেখ্য যে, ভূমিহীন খিলঞ্জীয়া পৰিয়াললৈ ভূমি পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে এক প্ৰশংসনীয় পদক্ষেপ হাতত লয় । তাৰ ওপৰত ভিত্তি কৰি ৰাজ্যৰ লাখ লাখ ভূমিহীন পৰিয়ালক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

লগতে পঢ়ক:ABMSU থকালৈ কাকো উচ্ছেদ কৰিব নোৱাৰিব চৰকাৰে !

For All Latest Updates

ABOUT THE AUTHOR

...view details