অসম

assam

ETV Bharat / city

মৰাণত 63 জন লোক ক'ভিডত আক্ৰান্ত - ক'ভিড 19

মৰাণত কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ ৷ মঙলবাৰৰ দিনটোত 63 গৰকীকৈ ব্য়ক্তি কৰ’ণাত আক্ৰান্ত হয় ৷ আটাইকেইগৰাকী আক্ৰান্তক হোম আইচ’লেচনত ৰখা হৈছে ৷

মৰাণত মংঙ্গলবাৰৰ দিনটোত 63 জন ক'ভিডত আক্ৰান্ত
মৰাণত মংঙ্গলবাৰৰ দিনটোত 63 জন ক'ভিডত আক্ৰান্ত

By

Published : May 4, 2021, 9:58 PM IST

মৰাণ,4 মে': ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপ স্বাস্থ্য কেন্দ্ৰত মঙলবাৰৰ দিনটোতে 63 জন লোকৰ দেহত ক'ভিড-19 ৰ অৱস্থিতি পোৱা গৈছে ৷ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা উপ স্বাস্থ্যকেন্দ্ৰ সমূহত মুঠ 473 গৰাকীকৈ লোক কভিড-19 ত আক্ৰান্ত হোৱা বুলি চিনাক্ত হয় ৷

ইফালে চৰাইদেউ জিলাৰ পাতসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত মঙলবাৰে 5 জন লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে । চিকিৎসকসকলে জানিবলৈ দিয়া মতে, ক’ভিডত আক্ৰান্ত লোকসকলক সম্প্ৰতি হোম আইচ’লেচনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত 550 লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক :কাৰ্বি আংলঙৰ লাংহিনত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details