নাহৰকটীয়া, 30 এপ্ৰিল : ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ’ণাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ । ৰাজ্যৰ গাঁৱে-ভূঞেঁ এতিয়া ক’ভিড-19 ত আক্ৰান্ত ব্যক্তিৰ সংখ্যা বৃদ্ধি পাব ধৰিছে । ইয়াৰ মাজতেই নাহৰকটীয়াৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ । বৃস্পতিবাৰে নাহৰকটীয়াৰ এটি ৫ মহীয়া শিশুৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ উপস্থিতি ।
নাহৰকটীয়া গেঠুপথাৰ গাঁৱৰ এটা পৰিয়ালৰ ৫ মহীয়া শিশুক বুধবাৰে টীকাকৰণৰ বাবে নাহৰকটীয়া সামূহিক চিকিৎসালয়লৈ অনা হয় । এসপ্তাহ ধৰি কাঁহত ভোগা শিশুটিক পৰীক্ষা কৰাত শিশুটিৰ দেহত ক’ভিড-19 ৰ উপস্থিতি ধৰা পৰে ।