অসম

assam

By

Published : Oct 19, 2019, 11:54 AM IST

Updated : Oct 19, 2019, 5:38 PM IST

ETV Bharat / city

ডিব্ৰুগড়ত শোকাৱহ অগ্নিকাণ্ডৰ ঘটনা; শিশুসহ নিহত 5 গৰাকীঃ মুখ্যমন্ত্ৰীৰ তদন্ত ঘোষণা

ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ডত মৃত্যুক সাৱটি লৈছে শিশুসহ 5 জনকৈ লোকে ৷ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তদন্তৰ নিৰ্দেশ দিছে উপায়ুক্তক ৷ প্ৰতিগৰাকী মৃত ব্যক্তিৰ বাবদ ৪ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷

ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ড

ডিব্ৰুগড়, 19 অক্টোবৰ : ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । তিনিটা ঘৰ ভস্মীভূত হোৱাৰ লগতে জীৱন্তে অগ্নিদগ্ধ হৈ দুটি শিশু, এজন বৃদ্ধসহ পাঁচজনৰ কৰুণ মৃত্যু‌ ৷ ডিব্ৰুগড় থাৰ্মেল নিজ কদমনিত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড । মৃত লোককেইজন হৈছে শিবু সোনাৰ (৫), শংকৰ সোনাৰ (3) বিশাল সোনাৰ, মায়া দেৱী আৰু নুনু থাপা নামৰ এজন বৃদ্ধ ৷

ডিব্ৰুগড়ত শোকাৱহ অগ্নিকাণ্ডত শিশুসহ নিহত 5

জানিব পৰা মতে, কৃষ্ণ সোনাৰ নামৰ ব্যক্তিজনৰ বাসগৃহত প্ৰথমে অগ্নিকাণ্ড সংঘটিত হয় ৷ বিদ্যুৎ বিভাগৰ নৈশ চকীদাৰ কৃষ্ণ সোণাৰ উক্ত সময়ত নিজৰ কৰ্তব্যত আছিল ৷ আনহাতে, কৃষ্ণ সোনাৰৰ পুত্ৰ ৰাজেশ সোনাৰ নিশাৰ ভাগত গাড়ী ভাড়া মাৰিবলৈ গৈছিল বাবে প্ৰাণ ৰক্ষা পৰে যদিও বাসগৃহৰ ভিতৰত তথা কৃষ্ণ সোনাৰৰ পত্নী মায়া দেৱী, পুত্ৰ বিশাল সোনাৰ, নাতি অৰ্থাৎ ৰাজেশৰ দুই পুত্ৰ শিবু আৰু শংকৰ সহ সমীপৰ নুনু থাপা নামৰ আন এজন বৃদ্ধ থিতাতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতি লয় ।

আনহাতে, সমীপৰ মোহন থাপা আৰু উষা দেৱী মালিকানাধীন দুটা বাসগৃহও অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে জাহ যায় । সৌভাগ্য ক্ৰমে অগ্নিকাণ্ডৰ পৰা পৰিয়ালটোৰ লোকসকলৰ প্ৰাণ ৰক্ষা পৰে যদিও অগ্নিকাণ্ডত সা-সম্পত্তি সকলো জাহ যায় ৷ সমগ্ৰ ঘটনাটোৱে ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিশাৰ ভাগত সকলো টোপনিত থকাৰ সময়ত কেনেকৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় জানিব পৰা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবেই সূত্ৰপাত হোৱা বুলি ধাৰণা কৰা হৈছে । অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিশা অগ্নি নিৰ্বাপন কৰে যদিও ইতিমধ্যে তিনিটা বাসগৃহ,সা সম্পত্তি, শিশু বৃদ্ধসহ পাঁচজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে ।

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তদন্তৰ নিৰ্দেশ দিছে উপায়ুক্তক ৷ নিহত প্ৰতিগৰাকী ব্যক্তিৰ বাবদ ৪ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷

Last Updated : Oct 19, 2019, 5:38 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details