ডিব্ৰুগড়, 5 মে': সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাতো ভয়ংকৰ হৈছে ক'ভিড পৰিস্থিতি ৷ ইফালে প্ৰত্যেক দিনে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিডৰ ভয়াবহ পৰিস্থিতি সৃষ্টি হৈছে । বিগত 24 ঘন্টাত চিকিৎসালয় খনত কৰণাত আক্ৰান্ত হৈ 4 গৰাকী লোকৰ মৃত্যু হৈছে । মঙলবাৰে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই সদৰি কৰিছে এই তথ্য ৷
অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিডৰ ভয়াবহ পৰিস্থিতি ! ইফালে মঙলবাৰে দিনটোতে চিকিৎসালয় খনত আইচ’লেশ্বন ৱাৰ্ডত ৯১ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে । ইয়াৰে ৯১ জন ৰোগীৰ ভিতৰত ৩৭ জন ৰোগীয়ে অক্সিজেন লৈ আছে । ৬৫ জন ৰোগী আই চি ইউত ভৰ্তি হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।
তাৰোপৰি, কৰ'ণাত আক্ৰান্ত ৬৫ গৰাকী লোকৰ ভিতৰত ২৩ জন ৰোগী চিকিৎসালয় খনৰ ভেন্টিলেছনত আছে । ৫ জন ৰোগী সংকটজনক অৱস্থাত মেকানিকেল ভেন্টিলেছনত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে চিকিৎসা মহাবিদ্যালয়খনত বৰ্তমানলৈকে ক'ভিডত আক্ৰান্ত হৈ ১৫৬ জন ৰোগী চিকিৎসাধীন হৈ আছে ।
বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত আই চি ইউ ৭০ খন বিচনা আছে । আনহাতে, ক'ভিডৰ শেহতীয়া পৰিৱেশৰ বাবে সাধাৰণ বিচনা 2500 লৈ বৃদ্ধি কৰাৰ কথা অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰশান্ত দিহিঙীয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।
লগতে পঢ়ক-নিৰ্বাচনী পৰাজয়ৰ কাৰণ বিশ্লেষণ আঙুৰলতাৰ