মৰাণ, 2 জুন :ডিব্ৰুগড় জিলাৰ খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এলেকাত ক'ভিড (Covid 19) পৰিস্থিতি এতিয়াও অনিয়ন্ত্ৰিত হৈ আছে । প্ৰতিদিনেই ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায়েই আছে । বুধবাৰে মৰাণ ৰাজহ চক্ৰৰ খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ২ নং লুকুমাই গাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰে স্বাস্থ্য বিভাগে ।
খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া সহ এটা দলে 2 নং লুকুমাই গাঁৱৰ পথটো বাঁহ বান্ধি বেনাৰ আঁৰি বন্ধ কৰি দিয়ে । উল্লেখ্য যে, যোৱা দেওবাৰে স্বাস্থ্য বিভাগৰ এটা দলে গাঁৱখনৰ ৫৭ জনক ক'ভিড টেষ্ট কৰে ।