মৰাণ, 10 আগষ্ট : সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক’ৰণা মহামাৰীয়ে এক বিভিষীকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৷ সম্প্ৰতি এই মহামাৰী ক’ৰণাৰ প্ৰকোপ কিছু পৰিমাণে কমি আহিছে যদিও ইয়াৰ আতংক কমা নাই ৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্যৰাখি ক’ভিড-19ৰ নীতি নিৰ্দেশনা জাৰি কৰি আহিছে সময়ে সময়ে ৷
এতিয়া কিছু পৰিমাণে ক’ভিডৰ নীতি নিৰ্দেশনা শিথিল কৰিছে ৰাজ্য চৰকাৰে ৷ অৱশ্যে যি কেইখন জিলাত ক’ভিড সংক্ৰমণ কমা সেই কেইখন জিলাত এতিয়াও ক’ভিডৰ নীতি নিৰ্দেশনা কঠোৰভাৱে বাহাল আছে ৷ সেই অনুসৰিয়ে চৰাইদেউ জিলাৰ জিলা দণ্ডাধীশে " দ্য আসাম ক'ভিড -১৯ ৰেগুলেচনছ, ২০২০" ৰ ৩৪ নং ধাৰাৰ লগতে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত এক নিৰ্দেশ প্ৰদান কৰিছে ৷
এই নিৰ্দেশৰ জৰিয়তে সমগ্ৰ চৰাইদেউ জিলাখনতে প্ৰযোজ্য হোৱাকৈ ৰাজহুৱা স্থান, কৰ্মক্ষেত্ৰ, কাৰ্যালয়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে ৷ লগতে ৰাজহুৱা স্থানত ৫ জন বা ততোধিক লোক গোট খোৱা আৰু ৰাজহুৱা স্থানত থু-পেলোৱাটো সৰ্ম্পূণ ৰূপে নিষিদ্ধ কৰিছে ।