মৰাণ,10 মে':খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপ স্বাস্থ্য কেন্দ্ৰত সোমবাৰৰ দিনটোতে ৯৩ জন লোকৰ দেহত কৰ’ণাক উপস্থিতি পোৱা গৈছে । ইয়াৰে খোৱাং স্বাস্থ্যকেন্দ্ৰৰ ৮২ জন, চাৰি জন চৰাইদেউৰ, এজন গোলাঘাটৰ, এজন শিৱসাগৰৰ, দুজন নাহৰণি ব্লকৰ আৰু আন তিনিজন বৰবৰুৱা ব্লকৰ নিবাসী বুলি জানিব পৰা গৈছে ৷ খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত চিকিৎসালয়ত সোমবাৰলৈকে মুঠ ৮২২ গৰাকী ব্যক্তি ক'ভিডত আক্ৰান্ত হয় ।
ইফালে চৰাইদেউৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত সোমবাৰে 7 জনকৈ লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে । ইয়াকে লৈ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সৰ্বমুঠ ১৭০ জন লোকৰ দেহত ক'ভিড-19 ৰ অৱস্থিতি ধৰা পৰিছে । চিকিৎসকসকলে জানিবলৈ দিয়া মতে, আক্ৰান্ত প্ৰায় সংখ্যক লোককে হোম আইছ’লেচনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত ৯৯২ জন লোক ক'ভিডত আক্ৰান্ত হৈছে ।